Thursday, November 7, 2024
Homeআন্তঃৰাষ্ট্ৰীয়নতুন দিল্লীত জি-২০ৰ বৈদেশিক মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰিব ৰাছিয়াৰ লাভৰভ

নতুন দিল্লীত জি-২০ৰ বৈদেশিক মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰিব ৰাছিয়াৰ লাভৰভ

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাছিয়াৰ উপ-বিদেশ মন্ত্ৰী আন্দ্ৰে ৰুডেংকোৱে কয় যে আমাৰ বৈদেশিক মন্ত্ৰীয়ে ১-২ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব।

ইপিনে গোটটোৰ কাৰ্যকলাপৰ অংশ হিচাপে ভাৰতে নিজৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে দেশৰ ৫৫টা ভিন্ন স্থানত ২০০ৰো অধিক বৈঠক অনুষ্ঠিত কৰাৰ মনস্থ কৰিছে, যাৰ শিখৰত উপনীত হ’ব ৰাজধানী নতুন দিল্লীত ৯-১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক জি-২০ শীৰ্ষ সন্মিলনত।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ দেশৰ জি-২০ৰ ৰাষ্ট্ৰপতিত্ব সৰ্বাংগীন, অভিলাষী, নিৰ্ণায়ক আৰু কাৰ্য্যমুখী হ’ব।

জি-২০ বা গ্ৰুপ অৱ ২০ হৈছে বিশ্বৰ প্ৰধান উন্নত আৰু উন্নয়নশীল অৰ্থনীতিসমূহৰ আন্তঃচৰকাৰী মঞ্চ। ইয়াত আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, কোৰিয়া গণৰাজ্য, মেক্সিকো, ৰাছিয়া, চৌদি আৰব, দক্ষিণ আফ্ৰিকা, তুৰস্ক, ব্ৰিটেইন, আমেৰিকা, আৰু ইউৰোপীয় দেশসমূহ অন্তৰ্ভুক্ত ইউনিয়ন ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments