ডিজিটেল ডেস্ক, ANEWS24X7: তিনি দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে চৌদি আৰৱলৈ যাত্ৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ ৷ ১০ ছেপ্টেম্বৰত চৌদি আৰৱত উপস্থিত হ’ব ভাৰতৰ বিদেশমন্ত্ৰীজন ৷ এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তিনিদিনীয়া এই ভ্ৰমণকালত চৌদি আৰৱৰ বিদেশ মন্ত্ৰী প্ৰিন্স ফৈজল বিন ফাৰহান আল চাউদৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰিব ৷
দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰাৰ মাজত হ’ব লগীয়া এই বৈঠকত ভাৰত-চৌদি আৰৱ দ্বিপাক্ষিক সম্পৰ্ক, বিশ্ব ৰাজনীতি, নিৰাপত্তা, বাণিজ্য, সন্ত্ৰাসবাদৰ দৰে বিষয়সমূহত আলোচনা কৰা হ’ব ৷ জয়শংকৰে দুয়োখন দেশৰ সামাজিক আৰু সাংস্কৃতিক সহযোগিতা সমিতিৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব । এই বৈঠকৰ অন্তত ১২ ছেপ্টেম্বৰত পুনৰ দেশলৈ উভতি আহিব বিদেশমন্ত্ৰী এছ জয়শংকৰ ৷
উল্লেখ্য যে বিজেপিৰ প্ৰক্তন নেত্ৰী নপুৰ শৰ্মাই হজৰত মহমদ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰাৰ পিছত ভাৰত চৰকাৰক সমালোচনা কৰিছিল চৌদি চৰকাৰে ৷ এনে পৰিস্তিতিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ এই চৌদি ভ্ৰমণে বিশেষ তাৎপৰ্যবহন কৰিছে ৷ আনহাতে এছ জয়শংকৰৰ এইটো হৈছে প্ৰথমটো চৌদি ভ্ৰমণ ৷