Friday, November 8, 2024
Homeৰাজনৈতিককংগ্ৰেছৰ টপ পেনেল ৰেশ্বফেলত, নাম সন্নিবিষ্ট শচীন পাইলটৰ

কংগ্ৰেছৰ টপ পেনেল ৰেশ্বফেলত, নাম সন্নিবিষ্ট শচীন পাইলটৰ

ডিজিটেল ডেস্ক, anews24x7: প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছৰ আইকন ৰাজীৱ গান্ধীৰ জন্ম বাৰ্ষিকীত আজি গ্ৰেণ্ড অল্ড পাৰ্টিয়ে দলৰ শীৰ্ষ নেতাৰ নাম ঘোষনা কৰে। চলিত বৰ্ষৰ শেষৰ ফালে ৰাজ্যখনত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ কায্যকৰি কমিটীত স্থান লাভ কৰিছে ৰাজস্থানৰ নেতা শচীন পাইলটে।

শচীন পাইলট, শশী থাৰুৰ, শ্ৰী মতী দীপা দাস মুন্সী, আৰু চৈয়দ নাছেৰ হুছেইন CWC ত নতুনকৈ প্ৰৱেশ কৰা ব্যক্তি।শ্ৰীমতী দাস মুন্সী পশ্চিম বংগৰ এগৰাকী প্ৰাক্তন সাংসদ আৰু প্ৰবীণ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত প্ৰিয়া ৰঞ্জন দাস মুন্সিৰ পত্নী। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পেনেলিষ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজ্যসভাৰ এগৰাকী সদস্য আছিল। শশী থাৰুৰৰ উপৰিও ২০২০ চনত দলৰ সংস্কাৰৰ দাবীত জি-২৩ৰ গোটে লিখা পত্ৰখনৰ আন এজন স্বাক্ষৰকাৰী আনন্দ শৰ্মাৰ নাম দলৰ শীৰ্ষ সংস্থাত স্থান লাভ কৰিছে।

দলৰ সভাপতিয়ে মনোনীত কৰা আৰু প্ৰতিষ্ঠানৰ অংশ গ্ৰহন কৰি নিজকে ধন্য আৰু কৃতজ্ঞতা স্বীকাৰ কৰে শশী থাৰুৱে। চলিত বৰ্ষৰ আৰম্ভণিতে দলৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি ভেনুগোপালে দলৰ আধা সংখ্যক বিষয়া-বাহক ৫০ বছৰৰ তলৰ হ’ব লাগে বুলি কৈছিল।মুঠ ৩৯ জন চি ডব্লিউ চিৰ সদস্যৰ ভিতৰত মাত্ৰ তিনিজনহে ৫০ বছৰৰ তলৰ — শচীন পাইলট, গৌৰৱ গগৈ আৰু কমলেশ্বৰ পেটেল। উত্তৰ প্ৰদেশৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীক কোনো ৰাজ্যৰ দায়িত্বত দিয়াৰ সম্ভাৱনা নাই বুলি সূত্ৰই প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments