ডিজিটেল ডেস্ক, ANEWS24X7: গাহৰি পালক সকলৰ বাবে দুখবৰ ৷ আফ্ৰিকান ছোৱাইন ফ্লুৰ বৰ্তমানলৈকে কোনো চিকিৎসা নাই ৷
আফ্ৰিকান ছোৱাইন ফ্লুৰ পৰা গাহৰিক ৰক্ষা কৰিবলৈ হ’লে গাহৰিপালকসকলে জৈৱ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাহিৰে অন্য কোনো বিকল্প নাই ৷ এই মন্তব্য কৰিছে ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই ৷
উল্লেখ্য যে, ৰাজ্যৰ হাজাৰ হাজাৰ নিৱনুৱাই গাহৰি পালনৰ যোগেদি জিৱিকাৰ পথ মুকলি কৰিছিল ৷ এনে পৰিস্থিতিত আফ্ৰিকান ছোৱাইন ফ্লুৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’ব লগীয়া হৈছে ৰাজ্যৰ গাহৰি পালক সকল ৷
ইয়াৰ মজতে কৃষি মন্ত্ৰী অতুল বৰাৰ এই মন্তব্যই আশাহত কৰিছে ৰাজ্যৰ গহৰি পালক সকলক ৷