ডিজিটেল ডেস্ক, ANEWS24X7: অকালতে মৰহি গ’ল সপোনবোৰ। ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ ছাত্ৰই।
মাজনিশা জালুকবাৰীস্থিত DCP কাৰ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী মহিন্দ্ৰা স্কৰপিঅ’ৰ প্ৰচণ্ড খুন্দা ব্ৰইলাৰ কঢ়িওৱা বলেৰ’ পিক আপ ভানত। দুৰ্ঘটনাত থিতাতে নিহত ৭জন যুৱক। নিহত যুৱককেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ আৰু ৭নং হোষ্টেলৰ আৱাসী ।

নিহত ছাত্ৰ কেইজন ক্ৰমে মঙলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মোহন, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড় ইমন বৰুৱা, গুৱাহাটীৰ অৰিন্দম ভোৱাল, নগাঁৱৰ উপাংশু শৰ্মা আৰু গুৱাহাটীৰ নিয়ৰ ডেকা।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত মৃণ্ময় বৰা, অৰ্ণৱ চক্ৰৱৰ্তী আৰু অৰ্পণ ভূঞা নামৰ আন তিনিজন ছাত্ৰ। এই ঘটনাত বলেৰ’ পিক আপ ভানখনত থকা মোজাম্মিল হক, ইউছুফ আলী আৰু ৰাজীৱ আলী নামৰ তিনিজন লোকো গুৰুতৰভাৱে আহত হয়।

সাতমাইলৰ দিশৰ পৰা আহি থকা AS-01-FK-9605 নম্বৰৰ স্কৰপিঅ’ বাহনখনে প্ৰথমে খুন্দা মাৰে ডিভাইডাৰত। গাড়ীখনৰ গতিবেগ ইমানেই ভয়ংকৰ আছিল যে ই বিপৰীত লেনত থকা AS-01-GC-8829 বলেৰ পিক আপ বাহনত খুন্দা মাৰে। ঘটনাস্থলীত নিশাই উপস্থিত হয় যান বাহন আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ NDRFৰ দল।
