Thursday, November 7, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ দিশে ভাৰতীয় মূলৰ ঋষি চুনাক

ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ দিশে ভাৰতীয় মূলৰ ঋষি চুনাক

 

ডিজিটেল ডেস্ক, ANEWS24X7 : ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ পথত ভাৰতীয় মূলৰ ঋষি চুনাক। ভাৰতীয় মূলৰ ঋষি চুনাকৰ সৈতে এই পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে পেনি মৰ্ডণ্টে।

পেনি মৰ্ডণ্টে ১০০ জন সাংসদৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হ’লেহে এই সুযোগ লাভ কৰিব ঋষি চুনাকে। অৱশ্যে ঋষি চুনকে ১৪২ জন সাংসদৰ সমৰ্থন লাভ কৰাৰ বিপৰীতে পেনি মৰ্ডণ্টে বৰ্তমানলৈ লাভ কৰিছে মাত্ৰ ২৯ জন সাংসদৰ সমৰ্থন।

উল্লেখ্য যে, যদিহে সোমবাৰে ব্ৰিটেনৰ স্থানীয় সময় অনুসৰি দিনৰ ২ বজাৰ ভিতৰত পেনি মৰ্ডণ্টে ১০০ জন সাংসদৰ সমৰ্থন লাভ নকৰে, তেন্তে ঋষি চুনাক হ’ব ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী।

কনজাৰ্ভেটিভ পাৰ্টীৰ নিয়ম অনুসৰি প্ৰধানমন্ত্ৰী হ’বৰ বাবে কমেও ১০০ গৰাকী সাংসদৰ সমৰ্থন থকাটো অতি প্ৰয়োজনীয়। যদি দুজন প্ৰাৰ্থী থাকে তেওঁলোকৰ মাজত প্ৰতিযোগিতা হ’ব। অহা শুক্ৰবাৰৰ ভিতৰত ১,৭০,০০০ টৰী সদস্যই অনলাইন ভোট প্ৰদান কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments