ডিজিটেল ডেস্ক. ANWS24X7: ছলমান খান আৰু পূজা হেগডে অভিনীত কিচি কা ভাই কিছি কি জানৰ টিজাৰ শ্বাহৰুখ খানৰ পাথানৰ সৈতে সংলগ্ন কৰা হৈছিল। ইপিনে আনুষ্ঠানিকভাৱে টিজাৰটোৰ আভাস কেইবাজনো অনুৰাগীয়ে অনলাইনত শ্বেয়াৰ কৰিছে ।
টিজাৰৰ আৰম্ভণিতে ছলমানে মৰুভূমিৰ মাজেৰে গাড়ী চলাই যোৱা দেখা যায় আৰু পূজা হেগদেকো লগ পায়। টিজাৰটোৱে একচনত পেক কৰাৰ লগতে ছলমানৰ ছুপাৰষ্টাৰডমক সামৰি লয়। এতিয়া সমগ্ৰহ ভাইৰেল হৈ পৰিছে এই টিজাৰটো ।য’ত দেখা গৈছে অনুৰাগী সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা ।
কিচি কা ভাই কিছি কি জানখন পৰিচালক ফাৰহাদ চামজীৰ লগতে পূজা হেগদে আৰু পলক তিৱাৰীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। অহা ২১ এপ্ৰিলত মুক্তি পাব এই ছবিখনে । ইপিনে কিচি কা ভাই কিছি কি জানৰ সৈতে ছলমানে চাৰি বছৰৰ মূৰত ঈদৰ উইকেণ্ডত ডাঙৰ পৰ্দালৈ ঘূৰি আহিব। তেওঁৰ শেষ ঈদৰ মুক্তি আছিল ‘ভাৰত। কিচি কা ভাই কিচি কি জানৰ উপৰিও ছলমান খানক টাইগাৰ ৩ ছবিত কেটৰিনা কাইফ আৰু ইমৰাণ হাছমীৰ সৈতে দেখা পাব ।