Wednesday, July 9, 2025
Homeৰাষ্ট্ৰীয়কিয় সৰ্বোচ্চ ন্যায়ালয়ে সমলিংগৰ বিবাহক মান্যতা নিদিলে?

কিয় সৰ্বোচ্চ ন্যায়ালয়ে সমলিংগৰ বিবাহক মান্যতা নিদিলে?

ডিজিটেল ডেস্ক, ১৭ অক্টোবৰ: ভাৰতত সমলিংগৰ বিৱাহৰ আইনী মান্যতা অগ্ৰাহ্য উচ্চতম ন্যায়ালয়ৰ। কিয় সৰ্বোচ্চ ন্যায়ালয়ে সমলিংগৰ বিবাহক মান্যতা নিদিলে?

জানক কিয় আমাৰ দেশত বৈবাহিক সমতা সম্ভৱ নহয়?

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠৰ উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান। উচ্চতম ন্যায়ালয়ে বিবাহক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ। ন্যায়ালয়ে লগতে সমলৈংগিক বিবাহক অন্তৰ্ভুক্ত নকৰাৰ বাবে বিশেষ বিবাহ অধিনিয়মক অন্তঃসাৰশূন্য বা বে-আইনী আখ্যা দিবলৈও অস্বীকাৰ। বিশেষ বিবাহ অধিনিয়মৰ ধাৰাৰ অপবাখ্যা কৰি সমলৈংগিক বিবাহক ইয়াৰ অন্তৰ্ভুক্ত কৰিব পৰা নাযায়।

বিভিন্ন আইনী জটিলতাৰ বাবেই উচ্চতম ন্যায়ালয়ে সমলৈংগিক বিবাহক আইনী মৰ্যাদা দিয়াৰ পৰা বিৰত থাকে। অৱশ্যে ন্যায়ালয়ে কেন্দ্ৰক এক কমিটী গঠন কৰি সমলৈংগিক লোকসকলৰ ওজৰ-আপত্তি শুনিবলৈ আৰু তেওঁলোকক যিকোনো প্ৰকাৰৰ আতিশয্যৰ পৰা ৰক্ষা কৰিবলৈ পোষকতা কৰে।

ইয়াৰ মূল কাৰণ হিচাপে বাখ্যা কৰা হৈছে যে ইয়াৰ কাৰণে সদ্য প্ৰচলিত বহু আইনৰ সংশোধনৰ প্ৰয়োজন হ’ব। বৰ্তমানৰ পাৰ্চনেল ল’, কমন চিভিল কোডৰ অনুপস্থিতিৰ কাৰণে এই ৰায় দিব পৰা নগ’ল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments