ডিজিটেল ডেস্ক, ANEWS24X7: টেনিছ কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰিব ছানিয়া মিৰ্জাই । বিশ্ব চেম্পিয়ন ছানিয়া মৰ্জাই অৱসৰ ল’ব টেনিছৰ পৰা । ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব ছানিয়া মিৰ্জাই । ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ’বলগীয়া ডবাই ডউটী ফ্ৰী টেনিছ চেম্পিয়নশ্বীপতে অৱসৰ ল’ব ছানিয়া মিৰ্জাই । শুক্ৰবাৰে এক সাক্ষাৎকাৰত এই কথা ঘোষণা কৰে বিশ্ব চেম্পিয়ন গৰাকীয়ে ।
সাক্ষাৎকাৰটোত ছানিয়া মিৰ্জাই কয় যে , ২০২২ বৰ্ষতে অৱসৰৰ পৰিকল্পনা কৰিছিল । কিন্ত ইউ এছ অপেনৰ পূৰ্বে হাতত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে খেলৰ পৰা বহিৰ হ’ব লগা হৈছিল ।’’
উল্লেখ্য যে, ছানিয়া মিৰ্জা ভাৰতৰ প্ৰথম টেনিছ খেলুৱৈ যিয়ে ২০১৫ চনত ডাবলছত শীৰ্ষতম স্থান দখল কৰিবলৈ সক্ষম হৈছিল।বিশ্ব চেম্পিয়নগৰাকীয়ে একক আৰু দ্বৈত দুয়োটা শাখাতেই ছয়টাকৈ গ্ৰেণ্ড শ্লেমৰ খিতাপ অৰ্জন কৰিছে । খেলুৱৈ গৰাকীক ভাৰত চৰকাৰে ২০০৪ চনত অৰ্জুন বঁটা , ২০০৬ চনত পদ্মশ্ৰী বঁটা ,২০১৫ চনত মেজৰ ধ্যান চাঁন্দ খেল ৰত্ন বঁটা আৰু ২০১৬ চনত পদ্ম বিভূষণ বঁটা প্ৰদান কৰিছিল ।