ডিজিটেল ডেস্ক, ANEWS24X7: চৰ্চাত পুনৰ এবাৰ চনু চুড ৷ কৰ’ণা মহামাৰীৰ সময়ত দেশৰ দৰিদ্ৰ জনতাৰ ত্ৰাণকৰ্তাৰূপে আবিৰ্ভাৱ হোৱা অভিনেতা চনু চুড পুনৰ এবাৰ চৰ্চালৈ আহিছে ৷
এইবাৰ দৰিদ্ৰ শিক্ষাৰ্থী সকলৰ উচ্চশিক্ষাৰ বাবে স্কলাৰশ্বিপ আগবঢ়াব চনুৱে ৷ নিজ মাতৃ সৰুজ চুডৰ নামত আগবঢ়াব স্কলাৰশ্বিপ ৷ এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰিছে ৷
‘সৰুজ চুদ স্কলাৰশ্বিপ’ শীৰ্ষক এই স্কলাৰশ্বিপৰ অধীনত বাৰ্ষিক ২ লাখ টকাতকৈ কম উপাৰ্জনক্ষম পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলৰ উচ্চাশিক্ষা গ্ৰহণৰ বাবে সকলো ধৰণৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অভিনেতা গৰাকীয়ে ৷ এই স্কলাৰশ্বিপৰ বাবে দৰিদ্ৰ শিক্ষাৰ্থীয়ে পূৰ্বৱৰ্তী পৰীক্ষাৰ মাৰ্কিশ্বিটৰ লগতে অভিভাৱকৰ উপাৰ্জনৰ প্ৰমাণ পত্ৰ আবেদনৰ সৈতে দাখিল কৰিব লাগিব।
এই স্কলাৰশ্বিপ লাভ কৰা শিক্ষাৰ্থীসকলক পঢ়া-শুনাৰ সকলো খৰচৰ লগতে হোষ্টেল ফী, খোৱা-বোৱাৰ সকলোবোৰ খৰচ বহন কৰা হ’ব। আগ্ৰহী শিক্ষাৰ্থীসকলে এই স্কলাৰশ্বিপৰ বাবে scholarship@sonusood.me এই ইমেইল ঠিকনাত আবেদন কৰিব পাৰিব।