Thursday, March 12, 2026
Homeঅসমসদৌ নগাঁও জিলা সত্ৰ মহাসভাৰ সাধাৰণ সভা সম্পন্ন

সদৌ নগাঁও জিলা সত্ৰ মহাসভাৰ সাধাৰণ সভা সম্পন্ন

নগাঁও, ৩১মাৰ্চঃ সদৌ অসম সত্ৰ মহাসভাৰ নগাঁও জিলা সমিতিৰ এখনি সাধাৰণ সভা আজি পুৰণিগুদামৰ শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰত অনুষ্ঠিত হৈ যায় । সভাত সদৌ অসম সত্ৰ মহাসভাৰ নগাঁও জিলা সমিতিৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ওপৰত বিশদ আলোচনা হয় । সভাত বছৰটোৰ বাবে এক কৰ্মসূচী তৈয়াৰ কৰা হয় । নগাঁও জিলাৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ,ডেকা সত্ৰাধিকাৰ, সত্ৰীয়া, নামঘৰ আদিৰ প্ৰতিনিধি আৰু সকলো বিষয়ববীয়া,সদস্য উপস্থিত থকা উক্ত সভাই “সদৌ নগাঁও জিলা সত্ৰ মহাসভা”ৰ অন্তৰ্গত ইতিহাসপ্ৰসিদ্ধ শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰত এখন সাংস্কৃতিক বিদ্যালয় আৰু বঢ়মপুৰত এখনি সাংস্কৃতিক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

বিশিষ্ট সত্ৰীয়া কলা-সংস্কৃতিৰ সাধক, সদৌ নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি ,শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত “সদৌ অসম সত্ৰ মহাসভা”ৰ নৱ নিৰ্বাচিত সভাপতি বিশিষ্ট সত্ৰীয়া কলা সংস্কৃতিৰ সাধক, শ্ৰীশ্ৰী লাইআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ সুনীল কুমাৰ গোস্বামী,”সদৌ অসম সত্ৰ মহাসভা”ৰ প্ৰধান সম্পাদক, নগাঁও জিলাৰ শ্ৰীশ্ৰী জগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামী, আই কনকলতা মহিলা তীৰ্থৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ অমিয়া পাটৰ, সদৌ অসম সন্মিলিত যুৱ তীৰ্থৰ কেন্দ্ৰীয় সম্পাদক নিৰঞ্জন বৰা,”সদৌ উৰিয়াগাঁও আঞ্চলিক সত্ৰ মহাসভা”ৰ সভাপতি ,শ্ৰীশ্ৰী ৰামমিশ্ৰ সত্ৰৰ সত্ৰীয়া ,বিশিষ্ট শিক্ষাবিদ প্ৰদীপ গোস্বামী, সদৌ নগাঁও জিলা সত্ৰ মহাসভা”ৰ উপদেষ্টা, জাজৰিৰ শ্ৰীশ্ৰী বাঘমৰা বজালবাৰী সত্ৰৰ সত্ৰাধিকাৰ লাৰুধন গোস্বামী, “সদৌ নগাঁও জিলা সত্ৰ মহাসভা”ৰ উপ সভাপতি উৰিয়াগাঁৱৰ তেলীয়াপহুকটাৰ শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ শৈলেন্দ্ৰ গোস্বামী, “সদৌ ভোটাইপাঠৰী আঞ্চলিক সত্ৰ মহাসভা”ৰ সহকাৰী সম্পাদক ৰঞ্জিত শৰ্মা,”সদৌ চামগুৰি আঞ্চলিক সত্ৰ মহাসভা”ৰ সহকাৰী সম্পাদক ললিত ফুকন, সম্পাদক বিনোদ বৰা, উপ সভাপতি ৰবীন কলিতা,”সদৌ বেবেজীয়া আঞ্চলিক সত্ৰ মহাসভা”ৰ সম্পাদক যতীন জোনাক শইকীয়া, “সদৌ ননৈ আঞ্চলিক সত্ৰ মহাসভা”ৰ পুনাৰাম দাস, “সদৌ বঢ়মপুৰ আঞ্চলিক সত্ৰ মহাসভাৰ সভাপতি মুকুল শইকীয়া, প্ৰমূখ্য কৰি বহুকেইজন বিশিষ্ট লোকে ভাষন দিয়ে ।

সদৌ নগাঁও জিলা জিলা সত্ৰ মহাসভাৰ নৱ-নিৰ্বাচিত অন্যতম সম্পাদক প্ৰদীপ শইকীয়াই আঁত ধৰা সভাখনত জিলাখনৰ প্ৰতিখন সত্ৰ আৰু প্ৰতিটো নামঘৰ ভ্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ব্ৰহ্মচাৰী সত্ৰত এখন সাংস্কৃতিক বিদ্যালয় আৰু বঢ়মপুৰত এখন সাংস্কৃতিক মহাবিদ্যালয় আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাই পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাখন গুৰুজনাৰ জন্মস্থান বৰদোৱাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখ্য যে, সভাৰ আৰম্ভণিতে “সদৌ নগাঁও জিলা সত্ৰ মহাসভা”ৰ উপ সভাপতি শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীক “সদৌ নগাঁও জিলা সত্ৰ মহাসভা”ৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ শ্ৰীশ্ৰী ৰামমিশ্ৰ সত্ৰৰ সত্ৰীয়া প্ৰদীপ গোস্বামীক অন্যতম উপ সভাপতি, শ্ৰীশ্ৰী কৃষ্ণমিশ্ৰ সত্ৰৰ তত্ত্বাবধায়ক ত্ৰৈলোক্য গোস্বামী আৰু প্ৰদীপ শইকীয়াক যৌথভাৱে সম্পাদক হিচাবে সভাই সৰ্ব সন্মতিক্ৰমে নিৰ্বাচিত কৰে । বাকী পূৰ্বৰ সকলো বিষয়ববীয়া সদস্যৰে একেখন সমিতিকে সভাই বাহাল ৰাখে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments