Thursday, March 12, 2026
Homeঅসমড্ৰাগছ বিৰোধী জনসচেতনতা (say no to drugs - yes to life) বৃদ্ধি...

ড্ৰাগছ বিৰোধী জনসচেতনতা (say no to drugs – yes to life) বৃদ্ধি লক্ষ্য কৰি যোৰহাটত জি কে ফাউণ্ডেচনৰ বিশেষ উদ্যোগ

ড্ৰাগছৰ ভয়াবহতা আৰু ইয়াৰ পৰা সমাজ তথা নতুন প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে আজি যোৰহাটৰ প্ৰিজম হোটেলত এক গুৰুত্বপূর্ণ সচেতনতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। জি কে ফাউণ্ডেচনৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসন তথা জিলা আইন প্ৰাধিকৰণৰ সহযোগত আয়োজিত অনুষ্ঠানটোত বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা।l

তেওঁ নিজৰ ভাষণত ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিবলৈ সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
লগতে কয় যে কেৱল আইন, আৰক্ষীয়ে সমাজক ড্ৰাগছৰ কবলৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে।।
পিতৃ মাতৃৰ লগতে সকলো সামাজিক ভাৱে দায়বদ্ধ হলেহে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা যাব।।

“ড্ৰাগছ বিৰোধী সচেতনতা অভিযান”ৰ অংশ হিচাপে অনুষ্ঠিত এই কাৰ্যসূচীত চিকিৎসক, সমাজবিজ্ঞানী, বিধায়ক, আৰক্ষী বিষয়া আদিয়ে ড্ৰাগছৰ অপকাৰিতা আৰু ইয়াৰ প্ৰভাৱ সন্দৰ্ভত গুৰুত্বপূর্ণ তথ্য আৰু অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে।

যোৰহাট মেডিকেল কলেজৰ অধ্যাপক ড⁰ কমলা ডেকাই ড্ৰাগছৰ শাৰীৰিক আৰু মানসিক অপকাৰিতাৰ ওপৰত প্ৰশিক্ষণমূলক বক্তব্য আগবঢ়ায়।

যোৰহাট শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰা ৰাষ্ট্ৰীয় সংগীতৰে অনুস্থানটি শুভাৰম্ভ কৰে।

অনুষ্ঠানত উপস্থিত থাকি যোৰহাট জিলা আয়ুক্ত জয় শিৱানী, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, ড্ৰাগছৰ কবলৰ কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেই বিষয়ে ভাষণ প্ৰদান কৰে।।

সজাগতা সভাখনত জিলা ন্যায়ধীশ প্ৰাঞ্জল দাসে ড্ৰাগছৰ ক্ষেত্ৰত কি কি আইনীভাৱে ব্যৱস্থা গ্ৰহন কৰিব পাৰি বিষদ ভাৱে আলোকপাত কৰে।।

উদ্যোক্তাসকলে আশা প্ৰকাশ কৰে যে, এই ধৰণৰ পদক্ষেপে যুৱ সমাজক সচেতন কৰি এখন ড্ৰাগছ-মুক্ত, সুস্থ সমাজ গঠন কৰাৰ দিশে সহায়ক হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments