ডিজিটেল ডেস্ক ANEWS24X7: নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ ৷ ভাৰতীয় ষ্টেট বেংকত খালী হৈছে ৫০০৮ টা পদ ৷ সমগ্ৰ দেশত খালী হৈ থকা এছ বি আইৰ জুনিয়ৰ এছ’চিয়েটৰ পদৰ বাবে ষ্টেট বেংকৰ তৰফৰ আনুষ্ঠানিক নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰা হৈছে ৷ আগ্ৰহী যোগ্য প্ৰাৰ্থী সকলে ভাৰতীয় ষ্টেট বেংকৰ অফিচিয়েল ৱেবচাইটত গৈ অনলাইন যোগে আবেদনপত্ৰ দাখিল কৰিব পাৰিব ৷
আবেদন কৰা প্ৰাৰ্থী সকল স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালৰ পৰা যিকোনো শাখাত স্নাতক উত্তীৰ্ণ হ’ব লাগিব বা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৩০ নবেম্বৰ ২০২২ চনৰ ভিতৰত স্নাতক সমতূল্য হ’ব লাগিব ৷ স্নাতকৰ অন্তিম ছেমিষ্টাৰ পঢ়ি থকা সকলে অস্থায়ী ভাবে আবেদন কৰিব পৰিব ৷ প্ৰাৰ্থীসকলৰ বয়স ২০২২ চনৰ ১ আগষ্টলৈ ২০ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব ৷অৱশ্যে এই ক্ষেত্ৰত অবিচি আৰু এমঅবিচি প্ৰাৰ্থীৰ বাবে বয়সৰ উচ্চসীমা ৩ বছৰ , অনুসূচীত প্ৰাৰ্থী বাবে ৫ বছৰ আৰু পিডব্লিউডি প্ৰাৰ্থীৰ বাবে ১০ বছৰ ৰেহাই দিয়া হ’ব ৷
উক্ত পদৰ বাবে সাধাৰণ শ্ৰেণী, অবিচি আৰু ইডব্লিউএছ প্ৰাৰ্থী সকলে ৭৫০ টকা আবেদন মাছুল জমা দিব লাগিব ৷ আনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থী সকলে কোনো মাছুল দিব নালাগে ৷ ইচ্ছুক প্ৰাৰ্থী সকলে ২৭ ছেপ্টেম্বৰ ২০২২ৰ ভিতৰত নিজৰ আবেদন পত্ৰ দাখিল কৰিব পাৰিব ৷