ডিজিটেল ডেস্ক, ২২অক্টোবৰ: অসমৰ মুখ্য সচিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। ১৪ নৱেম্বৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ৰবি কোটাক। চাহ শ্ৰমিকৰ অনাদায় মজুৰি সন্দৰ্ভত এই নিৰ্দেশ মুখ্য সচিবক। চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া মজুৰি অনাদায় প্ৰসংগত উদ্বেগ সৰ্বোচ্চ ন্যায়ালয়ৰ।
ন্যায়াধীশ অভয় এছ অ’কা, ন্যায়াধীশ অগষ্টিন জৰ্জ মাছিহৰ বিচাৰপীঠৰ এই উদ্বেগ। চাহ শ্ৰমিকৰ মজুৰি অনাদায়ৰ কাৰণ ন্যায়ালয়ত ব্যাখ্যা কৰিব লাগিব মুখ্য সচিবে। অসম চৰকাৰকো এই সন্দৰ্ভত সমালোচনা উচ্চতম ন্যায়ালয়ৰ।
চাহ শ্ৰমিকৰ অভাৱ-অভিযোগক গুৰুত্ব দিয়াত আছাম টি কৰ্প’ৰেশ্যন লিমিটেড ব্যৰ্থ হোৱা বুলিও মন্তব্য উচ্চতম ন্যায়ালয়ৰ।