Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়স্কুল বাছত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

স্কুল বাছত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

ডিজিটেল ডেস্ক, ANEWS24X7: স্কুল বাছত উদ্ধাৰ প্ৰকাণ্ড অজগৰ ৷ উত্তৰ প্ৰদেশৰ ৰায়বৰেলী চহৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ স্কুল বাছৰ পৰা উদ্ধাৰ কৰা হয় অজগৰটো ৷ বন কৰ্মী সকলে এঘন্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ কৰে অজগৰটো ৷

দেওবাৰে বিদ্যালয় বন্ধ ৷ বিদ্যালয় বন্ধ থকাৰ বাবে চালকজনে বাছখনলৈ নিজ গাঁৱলৈ গৈছিল ৷ দেওবাৰে দুপৰীয়া পুনৰ উভতি অহাৰ সময়ত যাত্ৰীৰ আসনৰ তলৰ পৰা ওলায় এটা প্ৰকাণ্ড অজগৰ৷ প্ৰকাণ্ড অজগৰটো প্ৰত্যক্ষ কৰি বাছ ৰখায় চিঞৰ-বাখৰ কৰে চালক আৰু কণ্ডাক্টৰে ৷চালক আৰু কণ্ডাক্টৰৰ চিঞৰ শুনি ঘটনাস্থলিত ভিৰ কৰে বহু লোকে ৷

খবৰ দিয়া হয় আৰক্ষী আৰু বনকৰ্মীক ৷ পৰবৰ্তী সময়ত ঘটনাস্থলিত আৰক্ষী আৰু বনকৰ্মীৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে অজগৰটো ৷ প্ৰত্যক্ষদৰ্শীৰ মতে বাছখন ৰখাই থোৱাৰ সময়ত সেই স্থানত কেইবাটাও ছাগলী বিচৰণ কৰি আছিল ৷ তেতিয়াই অজগৰটো স্কুল বাছখনত প্ৰৱেশ কৰিছিল ৷ স্কুল বাছখনৰ চালকজনে অজগৰটো বাছখনত উঠি আছে বুলি গম নোপোৱাকে চহৰলৈ চলাই লৈ আহিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments