ডিজিটেল ডেস্ক, anews24x7: অত্যাধিক গৰমৰ বাবে আজিৰে পৰা ২১ এপ্ৰিললৈ তিনিদিনৰ বাবে বন্ধ থাকিব গাৰো পাহাৰৰ তিনিখন জিলাৰ বিদ্যালয়সমূহ । মেঘালয়ৰ শিক্ষামন্ত্ৰী ৰক্কাম এ চাংমাই এই কথা জানিবলৈ দিয়ে। তেওঁ কয় পশ্চিম গাৰো পাহাৰ, পূব গাৰো পাহাৰ আৰু দক্ষিণ গাৰো পাহাৰকে ধৰি তিনিখন জিলাত তাপ প্ৰবাহ বৃদ্ধি হোৱাৰ বাবে এই নিৰ্দেশ দিয়া হৈছে।
ইপিনে চাংমাই কয় ‘‘আমি তথ্য পাইছো যে গাৰো পাহাৰৰ কিছুমান জিলাত মুখ্যতঃ পশ্চিম গাৰো পাহাৰত তাপ প্ৰবাহ বৃদ্ধি পাইছে। গতিকে মই পৰামৰ্শ দিবলৈ ডিচি তুৰাৰ সৈতে কথা পাতিছো। লগতে, মই জিলা প্ৰশাসনক কেৱল যিকোনো অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ তিনি দিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিবলৈ কৈছো।’
পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষা বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিব । আনহাতে ৰাজ্যখনৰ চৰকাৰে সকলো অভিভাৱক আৰু প্ৰতিষ্ঠানৰ মুৰব্বীক শিক্ষাৰ্থী আৰু সমগ্ৰ পৰিৱেশৰ যত্ন ল’বলৈ আহ্বান জনাইছে।”এতিয়ালৈকে বেছিভাগ প্ৰভাৱিত হৈছে পশ্চিম গাৰো পাহাৰ জিলা আৰু দক্ষিণ গাৰো পাহাৰ জিলা, গতিকে এতিয়া আমি কিছুমান পৰামৰ্শ দিছো আৰু পিছলৈ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি অধিক সিদ্ধান্ত লম।’’