ডিজিটেল ডেস্ক, ১৫নৱেম্বৰ: HSLC অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী সলনি হ’ব। সীমিত বন্ধৰ বাবে দুটা মুখ্য বিষয় আৰু দুটা ঐশ্চিক বিষয়ৰ পৰীক্ষাৰ সময় সলনি কৰা হৈছে। ছেবাই এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। ২০২৪ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা HSLC পৰীক্ষাৰ চাৰিটাকৈ বিষয়ৰ পৰীক্ষাৰ সময়ত কিছু সাল–সলনি কৰা হৈছে।
অহা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা সমাজ বিজ্ঞান পৰীক্ষা এদিন আগুৱাই দিয়া হৈছে। এতিয়া মঙলবাৰৰ সলনি ১৯ ফেব্ৰুৱাৰী, ২০২৪ত অৰ্থাৎ সোমবাৰে পৰীক্ষা অনুষ্ঠিত হ’ব।
আনহাতে, ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা পৰীক্ষা ১ দিন পিছুৱাই দিয়া হৈছে। ২৬ ফেব্ৰুৱাৰীত নিৰ্ধাৰিত সাধাৰণ বিজ্ঞান পৰীক্ষা এতিয়া ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ’ব। ইফালে, দুটাকৈ ঐশ্চিক বিষয় ‘বয়ন কলা আৰু চানেকি’ (weaving and textile design) আৰু ‘বড়ো’ বিষয়ৰ পৰীক্ষাৰ সময় ২৭ তাৰিখে নিৰ্ধাৰিত দিনতে অনুষ্ঠিত কৰা হ’ব, কিন্তু পৰীক্ষাৰ সময়ৰ সাল–সলনি কৰা হৈছে।
এতিয়া পুৱাৰ সলনি দিনৰ ১ বাজি ৩০ মিনিটৰ পৰা ৪ বাজি ৩০ মিনিটলৈ অনুষ্ঠিত হ’ব।ৰাজ্য চৰকাৰৰ ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাৰ বাবে ছেবাই অহা বছৰৰ ফেব্ৰুৱাৰীত হ’ব লগা HSLC পৰীক্ষাৰ সময়ৰ সাল–সলনিৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।