Sunday, July 6, 2025
Homeঅসমযোৰহাটত ১৪৪ ধাৰা জাৰি

যোৰহাটত ১৪৪ ধাৰা জাৰি

ডিজিটেল ডেস্ক ANEWS24X7: অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাৰ বাবে যোৰহাট জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে । ১৪৪ ধাৰাৰ অধীনত জিলাখনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে হ’বলগীয়া লিখিত পৰীক্ষা মুক্ত, নিকা আৰু স্বচ্ছভাবে তথা সূচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলাখনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

পৰীক্ষাৰ দিনকেইটাত পৰীক্ষা কেন্দ্ৰ সমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । ইয়াৰ ওপৰিও পৰীক্ষা হলৰ ভিতৰত মোবাইল ফোন, স্মাৰ্ট ৱাটছ, হেলথ বেণ্ডকে আদি কৰি সকলো ধৰণৰ ইলেকট্ৰিক সমগ্ৰীলৈ প্ৰৱেশ কৰিব নোৱাৰিব । মুক্ত, নিকা আৰু স্বচ্ছভাবে নিযুক্তি পৰীক্ষা আনুষ্ঠিত কৰিবৰ বাবে জিলা দণ্ডাধীশ অশোক কুমাৰ বৰ্মনে জাৰি কৰিছে এই নিৰ্দেশনা । এই সময়চোৱাত জিলাখনিলাখনত ইন্টাৰনেট সেৱা ব্যাহত হৈ থাকিব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments