ডিজিটেল ডেস্ক, ২২নৱেম্বৰ:জ্যেষ্ঠ সাংবাদিক দীনেশ কুমাৰ চৌহানক আজি নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া এক বিশেষ অনুষ্ঠানত সম্বৰ্ধনা জনায় কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডায়ে।
নতুন দিল্লীৰ নেশ্যনেল ট্ৰাইবল ৰিছাৰ্চ ইনষ্টিটিউট ত অনুষ্ঠিত হোৱা জনজাতীয় গৌৰৱ দিৱস উপলক্ষে এক বিশেষ অনুষ্ঠানত চৌহানক সম্বৰ্ধনা জনায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।
দেশৰ প্ৰায় পাঁচখন ৰাজ্যৰ বিশেষ আদিবাসী ব্যক্তি সকলক তেওঁলোকৰ আদিবাসী সম্প্ৰদায় ৰ বাবে আগবঢোৱা বিশেষ কাৰ্যৰ বাবে এই সম্মান প্ৰদান কৰা হয়।
অসমৰ একমাত্ৰ দীনেশ কুমাৰ চৌহান ক নিৰ্বাচিত কৰিছে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে।
ইয়াত উল্লেখ কৰিব পাৰি যে শ্ৰী চৌহানে যোৱা ২০১১ চনৰ পৰা একেৰাহে দিল্লীত ধৰ্তি আঁবা বিৰসা মুণ্ডাৰ জন্মজয়ন্তী পালন কৰি আহিছে আৰু আদিবাসী সমাজক একত্ৰিত কৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমূহ কেন্দ্ৰ চৰকাৰক অৱগত কৰি আহি আছে। দিল্লীৰ বাহিৰেও তেওঁ অন্য ৰাজ্যত আদিবাসী সম্প্ৰদায়ৰ হকে মাত মাতি আহি আছে।
যোৱা ১০ ছেপ্টেম্বৰত গুৱাহাটীৰ শঙ্কৰদেৱ কলাক্ষেত্ৰত Tea Workers Conclave আয়োজিত কৰি ৰাজ্যৰ ৰাজ্যপালৰ সন্মুখত চাহ শ্ৰমিকৰ মজুৰি ৰ কথা বিশেষ ভাৱে উল্লেখ কৰি ৰাজ্য চৰকাৰ ৰ পৰা মাত্ৰ ১২ দিনত ১৮ টকাকৈ দৰমহা প্ৰতিদিন বঢ়াবলৈ হক্ষম হৈছিল।
দীনেশ কুমাৰ চৌহান ওদালগুৰি জিলাৰ ভূটীয়াচাং চাহ বাগিছাৰ এজন শ্ৰমিকৰ সন্তান হয় আৰু তেওঁ দিল্লী বিশ্ববিদ্যালয় ৰ পৰা স্নাতক কৰি মহাত্মা গান্ধী হিন্দী আন্তৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় ৰ journalism and mass communication ত post graduate কৰি ছে।