Wednesday, March 11, 2026
Homeঅসমবৰপেটাৰ মাজদিয়াত ভয়াবহ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী বৃদ্ধাৰ

বৰপেটাৰ মাজদিয়াত ভয়াবহ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী বৃদ্ধাৰ

সৰ্থেবাৰীৰ পৰা তফিকুৰ ৰহমান: বৰপেটাৰ মাজদিয়াত ভয়াবহ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী বাছৰ খুন্দাত মৃত্যু হয় এগৰাকী বৃদ্ধাৰ।

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী AS-13AC-1766 নম্বৰৰ যাত্ৰীবাহী বাছখনে পথচাৰী বৃদ্ধাগৰাকীক খুন্দিয়াই দিয়াৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুলজাৰ হুছেইন আহমেদকে ধৰি এটি আৰক্ষীৰ দল ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বৃদ্ধাগৰাকীক সংকটজনক অৱস্থাত মাজদিয়া আৰক্ষীয়ে চেঙা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে বৃদ্ধাগৰাকীক।

নিহত হোৱা বৃদ্ধাগৰাকী বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত ছাটাগাঁৱৰ ৰহিতন নেচা (৬০) বুলি জানিব পৰা গৈছে।

ইতিমধ্যেই দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰিছে মাজদিয়া আৰক্ষীয়ে।

বাছ চালকজনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাছসহ চালকজনে মাজদিয়া আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments