অভিযোগনামা দাখিলৰ পিছতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি দ্বিতীয় শুনানি। আজিও ভাৰ্চুৱেলী হাজিৰ কৰোৱা হয় জুবিন হত্যাৰ ৫ অভিযুক্তক। ভাৰ্চুৱেলী হাজিৰ কৰোৱা হ’ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাক।
সত্ৰ ন্যায়াধীশৰ আদালতত অংশ লোৱাৰ পিছতে গুৰুত্বপূৰ্ণ মন্তব্য কৰে পামী বৰঠাকুৰে। জুবিন গাৰ্গৰ ভগ্নীয়ে মন্তব্য কৰে যে ‘‘অনুশোচনা নাই অভিযুক্তৰ চেহেৰাত। অভিযুক্তৰ চেহেৰাত অনুশোচনাৰ কোনো চিন দেখা নাই। ভাৰ্চুৱেলী শুনানিত ৭ অভিযুক্ত উপস্থিত থাকে।’’
শুনানিত উপস্থিত থাকি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামা সন্দৰ্ভতো মন্তব্য কৰে পামী বৰঠাকুৰে। পামী বৰঠাকুৰে কয় যে ‘‘আমি চার্জশ্বীট পঢ়িবলৈ পোৱা নাই। চৰকাৰ- ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে। চৰকাৰে আমাৰ আস্থাৰ মান ৰাখিব।’’
৩ জানুৱাৰীত হ’ব জুবিন গাৰ্গ হত্যাৰ পৰৱৰ্তী শুনানি। ইতিমধ্যে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অভিযুক্ত অমৃতপ্ৰভা মহন্ত লাভ কৰিলে অধিবক্তা। গ্ৰেব্ৰিয়েল শাহু হ’ব জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ অধিবক্তা।
