গুৱাহাটী, ১আগষ্ট: সদৌ বিটিচি সংখ্যালঘু ছাত্ৰসন্থা চমুকৈ ABMSUৰ তদানীন্তণ সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ সপ্তম মৃত্যু বাৰ্ষিকী। শ্বহীদ গৰাকীৰ মৃত্যু তিথিটো সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিৱস হিছাপে পালন কৰি আহিছে।বৃহস্পতিবাৰে সপ্তম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত পালন কৰা হয় ছাত্ৰ সংহতি দিৱস।
দিৱসটোৰ বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকে ABMSUৰ প্ৰাক্তন তথা বৰ্তমান বিষয়ববীয়াৰ লগতে তিনি সহস্ৰাধিক সদস্য।অনুষ্টানৰ মঞ্চৰ পৰায়েই শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিছাৰে সংগঠনটোৰ নেতৃবৰ্গৰ লগতে বিভিন্ন জাতীয় দল-সংগঠনৰ নেতা সকলে। ইফালে ABMSUৰ নেতৃবৰ্গই বিটিচি চীফ প্ৰমোদ বড়ো, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক তীব্র সমালোচনা কৰে।
সংগঠনটোৰ সভাপতি টাইচন হুছেইনৰ স্পষ্ট ঘোষণা,আগন্তুক ২০২৫ৰ বিটিচি নিৰ্বাচনত ৰাজনৈতিক ভূমিকা পালন কৰিব ABMSUয়ে।সংখ্যালঘু মুছলমানে বিটিচিত সকলো অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ প্ৰসংগ উত্থাপন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও মন্তব্য কৰে টাইছন হুছেইনে।আনহাতে শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে।