তিনিচুকীয়া জিলাৰ জাগুন দহমাইলস্থিত অসম আৰক্ষী কামাণ্ডু বাহিণীৰ চাউনিত যোৱা নিশা ২-৩০ মান বজাত সংঘটিত হয় এক ভয়ংকৰ এম্বুচ। ঘটনাটোত গুৰুতৰ ভাবে আহত হৈছে চাৰিজনকৈ আৰক্ষী জোৱান। জোৱান কেইজনৰ নাম যোৰহাটৰ চিত্ৰৰঞ্জন মিলি আৰু দেৱাশীষ বৰা, চাবুৱাৰ ৰবিন ঘোষ, গোৱালপাৰাৰ জিম্বুশ মাৰাক।
ঘটনাৰ পিছতে আহত জোৱান কেইজনক লেখাপানী ভাৰতীয় সেনা চিকিৎসালয়লৈ নিয়া হৈছিল যদিও অৱস্থা গুৰুতৰ হোৱাৰ হেতুকে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে।
বৰ্তমান কামাণ্ডু বাহিণীয়ে সমগ্ৰ অঞ্চলটোতে কোনো লোককে প্ৰবেশ কৰিবলৈ দিয়া নাই।
ঘটনাস্থলীত ইতিমধ্যে অসম আৰক্ষীৰ শীৰ্ষ বিষয়া, সেনা বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে।
