Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত আকৌ অগ্নিকাণ্ড

প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত আকৌ অগ্নিকাণ্ড

ডিজিটেল ডেস্ক, ৩০জানুৱাৰী: প্ৰয়াগৰাজৰ কুম্ভমেলাত আকৌ অগ্নিকাণ্ড। ছেক্টৰ ২২ত অগ্নিকাণ্ডত হাহাকাৰ পৰিৱেশ। জুইত জাহ গ’ল ১৫ টাৰো অধিক পেণ্ডেল।জ্বলি ছাই হ’ল কেইবাটাও তম্বু ঘৰ। খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লগতে প্ৰশাসনৰ বিষয়াসকল।

আনহাতে মৌনী অমাৱস্যাৰ দিনা কুম্ভস্নান কৰিবলৈ গৈ পদপিষ্ট হৈ মৃত্যু হয় ৩০ জনৰ। আহত হয় ৯০জন।

জানিব পৰা মতে, মৌনী অমাৱস্যাত ‘অমৃত স্নান’ কৰাৰ বাবে হেতা-ওপৰা লাগে তিনি নদীৰ সংগমস্থলীত। তাৰ ফলতে সংঘটিত হয় এই অঘটন। ঘটনাত বহু পূণ্যাৰ্থী আহত হয়, বহুজন আকৌ ভিৰৰ মাজত অসুস্থ হৈ পৰে। অৱশেষত ৩০ জনৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰে চৰকাৰীভাৱে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments