ডিজিটেল ডেস্ক, anews24x7: প্ৰচণ্ড খৰাঙত নদ-নদী,খাল-পুখুৰী শুকাই যোৱাৰ বাবে কাল মাতিছে হস্তিকুললৈ । বুধবাৰে ভোলাটাৰত এটি হাতীৰ পোৱালীৰ কৰুণ মৃত্যু হোৱাৰ পিছত পুনৰ আজি বাদলাপাৰা চাহ বাগিছাৰ খুটি লাইনত নিশা পানী খাবলৈ আহি কুঁৱাত পৰি মৃত্যুমুখত পৰে প্ৰায় তিনিমহীয়া হাতীৰ পোৱালী ।
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে বিচৰণ কৰা অঞ্চলটোত পানী খাবলৈ গৈ কুঁৱাত পৰি মৃত্যুক আঁকোৱালী ল’য় কণমানি হাতী পোৱালীটোৱে । উল্লেখযোগ্য যে বুধবাৰেও জিলাখনৰ ডিমাকুছিৰ ভোলাটাৰত পানী খাবলৈ গৈ আৱদ্ধ হৈ কুঁৱাত পৰি মৃত্যু হৈছিল এটি দুবছৰীয়া হাতী পোৱালীৰ ।
ভাৰত-ভূটান অঞ্চল সমূহত ধাৰবাহিক হাতী পোৱালীৰ মৃত্যুক লৈ চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী সকল।হাতী মানুহৰ সংঘাটৰ সমস্যা সমাধানত ব্যৰ্থ হৈ পৰিছে বন বিভাগ কিম্বা ৰাজ্য চৰকাৰ ।ঘটনাস্থলীত বৰনদী অভয়াৰণ্যৰ বনকৰ্মীসকল আৰু স্থানীয় এছ এছ বি কেম্পৰ জোৱানে আহি উদ্ধাৰ কৰিবলৈ সক্ষম হয় মৃত হাতীৰ পোৱালীটো ।