Tuesday, July 8, 2025
Homeৰাজনৈতিকবিজেপিক দোষাৰোপ কৰি শৰদ পাৱাৰ আৰু ছুপ্ৰিয়া ছুলেৰ মন্তব্য: “এন চি পিত...

বিজেপিক দোষাৰোপ কৰি শৰদ পাৱাৰ আৰু ছুপ্ৰিয়া ছুলেৰ মন্তব্য: “এন চি পিত বিভাজন হোৱা নাই”

ডিজিটেল ডেস্ক, ANEWS24X7: এক সংবাদমেল যোগে জাতীয়তাবাদী কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি শাৰদ পাৱাৰে শুকুৰবাৰে কয় যে তেওঁৰ ভতিজা অজিত পাৱাৰ এতিয়াও তেওঁলোকৰ দলৰ নেতা আৰু দলত কোনো বিভাজন হোৱা নাই। পাৱাৰৰ এই মন্তব্য এদিন পূৰ্বে তেওঁৰ কন্যা তথা এন চি পিৰ সাংসদ সুপ্ৰিয়া ছুলেও একে কথাই কৈছিল ।‘অজিত পাৱাৰ আমাৰ নেতা। ইয়াৰ ওপৰত কোনো বিতৰ্ক নাই। বিভাজনৰ অৰ্থ কি? পাৰ্টিত কেতিয়া বিভাজন হয়? এটা ডাঙৰ গোট যদি ৰাষ্ট্ৰীয় পৰ্যায়ত দলৰ পৰা বিচ্ছিন্ন হয়, তেন্তে সেয়া বিভাজন। যদি কোনো কোনো লোকে বেলেগ স্থিতি গ্ৰহণ কৰিছে তেন্তে গণতন্ত্ৰত সেয়া তেওঁলোকৰ অধিকাৰ।

যদি তেওঁলোকে বেলেগ স্থিতি গ্ৰহণ কৰিছে তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে দল বিভাজিত হৈছে। এয়া তেওঁলোকৰ সিদ্ধান্ত।।বৃহস্পতিবাৰে ছুলেইও দলটোত কোনো বিভাজন হোৱা নাই বুলি কৈছিল আৰু এন চি পিৰ একাংশ বিধায়কে শাসকীয় মিত্ৰজোঁটত যোগদান কৰাৰ বাবে বিজেপিক দোষাৰোপ কৰিছিল। ‘দল একেবাৰে বিভাজন হোৱা নাই, বিজেপিৰ লগত যোৱাৰ একাংশই বেলেগ স্থিতি লৈছিল। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আমি বিধানসভাৰ অধ্যক্ষক অভিযোগ দিছো।’-মহিলাগৰাকীয়ে এইদৰে কৈছিল।

২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে পাৱাৰেও বিজেপিত যোগদান কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰে ভূল বাৰ্তা প্ৰেৰণ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত এনচিপিৰ মুৰব্বীগৰাকীয়ে সাংবাদিকক ধমক দিদিছিল।আৰু আগন্তুক সাধাৰণ নিৰ্বাচন সন্দৰ্ভত সংবাদ মাধ্যমৰ সমীক্ষা সন্দৰ্ভত সোধাত পাৱাৰে কয় যে তেওঁৰ এই বিষয়ে কোনো ধাৰণা নাই। কিন্তু আমি বিভিন্ন প্ৰতিষ্ঠানৰ পৰা তথ্য লৈ এই সিদ্ধান্তত উপনীত হৈছো যে এমভিএ [মহা বিকাশ আঘাদীয়ে] অধিক আসন লাভ কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments