Friday, November 8, 2024
Homeৰাজনৈতিকবিতৰ্কত শশী থাৰুৰ, কাশ্মীৰৰ কেইবাটাও অংশ বাদ দি প্ৰকাশ কৰিলে মানচিত্ৰ

বিতৰ্কত শশী থাৰুৰ, কাশ্মীৰৰ কেইবাটাও অংশ বাদ দি প্ৰকাশ কৰিলে মানচিত্ৰ

ডিজিটেল ডেস্ক, ANEWS24X7: বিতৰ্কত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰাৰ্থী শশী থাৰুৰ ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে এক নতুন বিতৰ্কত লিপ্ত লৈছে থাৰুৰ ৷শুক্ৰবাৰে কংগ্ৰেছ সাংসদ শশী থাৰুৰে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কিছু অংশ বাদ দি মানচিত্ৰ প্ৰকাশ কৰিছিল ৷ইয়াৰ পিছতে বিতৰ্কৰ আৱৰ্ত্তলৈ আহে শশী থাৰুৰ ৷ পৰবৰ্তী সময়ত মানচিত্ৰৰ ভুলটো সংশোধন কৰা হয় ৷

ইয়াৰ পিছতে শশী থাৰুৰক আক্ৰমণৰ লক্ষ্য কৰি লয় শাসকীয় দল বিজেপিয়ে ৷ বিজেপি নেতা অমিত মালৱীয়ই থাৰুৰক আক্ৰমণ কৰি কয় যে,‘‘কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰে ভাৰতৰ এক বিকৃত মানচিত্ৰ প্ৰকাশ কৰিছে ৷ যি সময়ত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ‘ভাৰত জৰো যাত্ৰা’ত আছে সেই সময়তে দলৰ সভাপতি পদৰ প্ৰাৰ্থীয়ে ভাৰতক টুকুৰা টুকুৰ কৰি আছে ৷ সম্ভৱত তেওঁ ভাবিছিল যে গান্ধীসকলৰ অনুগ্ৰহ এনেদৰে পোৱা যায় ৷’’

 

সামাজিক মাধ্যমত এতিয়া ইয়াকে লৈ তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে ৷ থাৰুৰ অনুগামী সকলে প্ৰশ্ন কৰে যে , মনমোহন সিঙৰ চৰকাৰৰ বৈদেশিক পৰিক্ৰমাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা থাৰুৰে কেনেকৈ তেওঁৰ প্ৰচাৰ পত্ৰিকাত ভাৰতৰ ভুল মানচিত্ৰ প্ৰকাশ কৰিব পাৰে ৷উল্লেখ্য যে ২০১৯ চনটো এনেদৰে ভুল মানচিত্ৰ প্ৰকাশ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments