ডিজিটেল ডেস্ক, ANEWS24X7: সুনন্দা পুস্কৰ মৃত্যু গোচৰত নিম্ন আদালৰ ৰায়ক প্ৰত্যাহ্বান জনায় দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে দিল্লী আৰক্ষী । ইয়াৰ পিছতে পুনৰ চাপৰ সন্মুখীন হৈছে কংগ্ৰেছ সাংসদ শশী থাৰুৰ।
বৃহস্পতিবাৰে এই সন্দৰ্ভত সাংসদ শশী থাৰুৰলৈ জানানী জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে । এই গোচৰত কংগ্ৰেছ সাংসদ জনক বিগত বৰ্ষৰ আগষ্ট মাহত দিল্লীৰ এখন নিম্ন আদালতে অভিযোগৰ পৰা মুক্তি দিছিল ।
উল্লেখ্য যে, ২০১৪ চনৰ ১৭ জানুৱাৰীত দিল্লীৰ এখন বিলাসী হোটেলত শশী থাৰুৰ পত্নী সুনন্দা পুস্কৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল । ইয়াৰ পিছত ২০১৫ চনৰ ১ জানুৱাৰী তাৰিখে এজন অজ্ঞাত ব্যক্তিয়ে থাৰুৰ বিৰুদ্ধে এক হত্যাৰ গোচৰ ৰুজু কৰিছিল ।
পৰবৰ্তী সময়ত থাৰুৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৮ এ আৰু ৩০৬ৰ অধীনত গোচৰ ৰুজু কৰিছিল । ইয়াৰ পিছতে থাৰুৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল দিল্লী আৰক্ষীয়ে । সেই সময়ত প্ৰাকাশপোৱা প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি অত্যাধিক টোপনিৰ টেবলেট সেৱনৰ ফলতে সুনন্দাৰ মৃত্যু হৈছিল ।