ডিজিটেল ডেস্ক ANEWS24X7: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উচ্চ প্ৰশংসা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ । সোমবাৰে ভাৰত ভ্ৰমনলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সময় উপযোগী পদক্ষেপ আৰু চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ লগত ৰখোৱা সহযোগিতাৰ বাবে উচ্চ প্ৰশংসা কৰে । বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত পূৱ ইউৰোপত আৱদ্ধ হৈ থকা বাংলাদেশৰ শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰাৰ বাবেও নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰে।
শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোডী সন্দৰ্ভত সংবাদ মাদ্যমৰ আগত আগত কয় যে ,”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাছিয়া আৰু উইক্ৰেইনৰ মাজত যুদ্ধৰ সময়ত পূব-উইৰোপত আবদ্ধ হৈ থকা লোক সকলক উদ্ধাৰৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো । ইয়াৰ ওপৰিও কৰ’ণা মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৈত্ৰী আঁচনিৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰ সমূহলৈ কৰ’ণাৰ প্ৰতিষেধকৰ পৰা আদি কৰি অন্যান্য সাহাৰ্য সমগ্ৰী প্ৰেৰণ কৰি বন্ধুত্বৰ নিদৰ্শন দাঙি ধৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সঁচাকৈ ধন্যবাদৰ পাত্ৰ ।’’
ইয়াৰ উপৰিও ভাৰত সন্দৰ্ভত বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে , ”ভাৰত হৈছে বিশ্বাসী বন্ধু । প্ৰতিটো সময়ত ভাৰত আমাৰ লগত আছে । সেয়া লাগিলে ১৯৭১ চনতে হওঁক বা তাৰ পিছতে হওঁক । ১৯৭৫ চনত যেতিয়া পৰিয়ালৰ সকলো লোকক হেৰুৱাইছিলো তেতিয়া আমাক ভাৰতে আশ্ৰয় দিছিল ।”
আহাতে ৰোহিংগীয়া শৰণাৰ্থী সনদৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ।হাছিনাই কয় যে , বৰ্তমান সময়ত বাংলাদেশত প্ৰায় ১১ লাখ ৰোহিংগীয়া শৰণাৰ্থী আছে । মানৱতাৰ খাতিৰত এই সকল লোকক বাংলাদেশত আশ্ৰয় দিয়া হৈছিল । কিন্তু বৰ্তমান সময়ত শৰণাৰ্থী শিবিৰ সমূহত এতিয়া অনৈতিক কাৰ্যকলাপ সংঘটিত হবলৈ ধৰিছে । বাৰ্তমান চুবুৰীয়া দেশসমূহৰ লগত আলোচনা কৰি থকা হৈছে যাতে ৰোহিংগীয়া শৰণাৰ্থী সকলক নিজ দেশলৈ উভতাই পঠিয়াব পাৰি । এই ক্ষেত্ৰত ভাৰতৰ পৰা বিশেষ সহযোগিতা লাভ কৰিম বুলি আশা কৰিলো ।