ডিজিটেল ডেস্কn ANEWS24X7: অৱশেষত জামিন লাভ কৰিলে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাৱতে ৷ বেআইনী আৰ্থিক লেনদেনৰ গোচৰত সকাহ পালে উদ্ধৱ ঠাকৰেৰ ঘনিষ্ঠ সঞ্জয় ৰাৱতে ৷
বেআইনী আৰ্থিক লেনদেনৰ গোচৰত ইডিয়ে ৩ আগষ্টৰ নিশা গ্ৰেপ্তাৰ কৰিছিল সঞ্জয় ৰাৱতক ৷ মুম্বাইৰ এখন বিশেষ আদালতে জামিন মঞ্জুৰ কৰে সঞ্জয় ৰাৱতৰ ৷
সঞ্জয় ৰাৱতৰ বিৰুদ্ধে পাত্ৰ চাওল প্ৰকল্পৰ নামত প্ৰবীণ ৰাৱতৰ পৰা ৫৫ লাখ টকা লাভ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল ৷ এই বৃহৎ ধনৰাশী সঞ্জয় ৰাৱতৰ পত্নী বৰষাৰ একাউন্টত প্ৰেৰণ কৰা হৈছিল ৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে এই প্ৰকল্পৰ কেলেংকাৰী গোচৰত সঞ্জয় ৰাৱতক গ্ৰেপ্তাৰ কৰিছিল ৷
অৱশ্যে উদ্ধৱ ঠাকৰে শিবিৰে ৰাৱতৰ বিৰুদ্ধে ইডিয়ে উত্থাপন কৰা এই অভিযোগ অস্বীকাৰ কৰিছে ৷ ইয়াৰ বিপৰিতে শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটে কেন্দ্ৰীয় সংস্থাটোৰ জৰিয়তে বিজেপিয়ে সঞ্জয় ৰাৱত আৰু সিৱসেনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷