Monday, July 7, 2025
Homeক্ৰীড়াটাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিক প্ৰশংসা শ্বুটাৰ ছিফ্‌ট কৌড় সম্ৰাৰ

টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিক প্ৰশংসা শ্বুটাৰ ছিফ্‌ট কৌড় সম্ৰাৰ

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী ঃ এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ছিফ্‌ট কৌড় সম্ৰাই গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছলৈ আহিছিল ব্যস্ত ছিজনৰ পূৰ্বে নিজৰ প্ৰশিক্ষণ পদ্ধতিত কৰা পৰিৱৰ্তনৰ পৰীক্ষা কৰিবলৈ৷ উল্লেখ্য যে ইতিমধ্যে তেওঁ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ভাৰতৰ হৈ আসন্ন পেৰিছ অলিম্পিক টিকট লাভ কৰিবলৈ সক্ষম হৈছে৷

২২ বছৰীয়া শ্বুটাৰগৰাকীয়ে চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ কাহিলীপাৰা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হোৱা নিজৰ ইভেণ্টত ব্যক্তিগত ব্ৰঞ্জৰ পদক লাভ কৰিছে৷ সোণৰ পদক হেৰুৱাই পেলোৱাৰ পিছতো কিন্তু ছিফ্‌ট নিজৰ প্ৰদৰ্শনত যথেষ্ট সুখী বুলি ব্যক্ত কৰি লগতে কয় যে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ স্তৰ উচ্ছ পৰ্যায়ৰ যে পদক লাভ কৰিবলৈ তেওঁ এতিয়াও যৎপৰোনাস্তি চেষ্টা কৰাটো খুবেই প্ৰয়োজন৷

‘মোৰ কাৰণে ব্যক্তিগতভাৱে মেচখন অতি ভাল আছিল৷ কাৰণ মই প্ৰশিক্ষণত কিছু পৰিৱৰ্তন কৰিছো আৰু গুৱাহাটীতে প্ৰতিযোগিতাৰ খেলত সেইবোৰ কৰাৰ চেষ্টা কৰিছিলো৷ গতিকে, মই ভাবো এইটো মোৰ বাবে সুযোগ লগতে ভাল প্ৰদৰ্শনো৷ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ দেশৰ উদীয়মান খেলুৱৈৰ বাবে এক মঞ্চ আৰু এই ধৰণৰ প্ৰতিযোগিতাৰ পৰা বহুত আত্মবিশ্বাস লাভ কৰিব পাৰি৷’ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত বিশ্ব অভিলেখ গঢ়া ভাৰতীয় শ্বুটাৰগৰাকীয়ে কয়৷

উল্লেখ্য যে ছিফ্‌টে যদিও পেৰিছ অলিম্পিকৰ কোটা লাভ কৰিছে তথাপি অনাগত সময়ত ভাৰতীয় নেশ্যনেল ৰাইফল এছ’চিয়েশ্যনে অনুষ্ঠিত কৰিব লগা বাছনি পৰীক্ষাৰ সময়ত তেওঁ প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰিব লাগিব৷ তদুপৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব লাগিব৷ কাৰণ অলিম্পিকৰ ভাৰতীয় শ্বুটিং দলত স্থান পোৱাটো এক কঠিন প্ৰত্যাহ্বান লগতে অগ্নিপৰীক্ষাও৷

‘মই ভাবিছো যে অলিম্পিকলৈ যোৱাৰ সময়ত মই এছিয়ান গেমছতকৈ ভাল প্ৰদৰ্শন কৰিব লাগিব আৰু তাৰবাবেই মই প্ৰশিক্ষণো লৈছো৷ মই মোৰ ফালৰ পৰা যিমান পাৰো সকলোখিনি কৰিছো৷’ ২২ বছৰীয়া শ্বুটাৰগৰাকীয়ে ব্যক্ত কৰে৷

ইফালে, টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনি [টিঅ’পিএছ]ৰ জৰিয়তে ক্ৰীড়া মন্ত্ৰালয়ৰ সহায়ত ভাৰত চৰকাৰৰ পৰা পোৱা সুবিধাৰ বিষয়ে উল্লেখ কৰি ছিফ্‌টে কয়, ‘আমি সকলোৱে জানো যে শ্বুটিং এটা অতি ব্যয়বহুল খেল৷ কিন্তু টপ আঁচনিখনে আমাৰ দৰে খেলুৱৈসকলক আগুৱাই যোৱাত সহায় কৰিছে৷’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments