ডিজিটেল ডেস্ক, ANEWS24X7: আমেৰিকাত পুনৰ সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা । এগৰাকী ২৮ বছৰীয়া মহিলা শ্বুটাৰক গুলীয়াই হত্যা কৰা হৈছে। ইপিনে এই ঘটনাটোৰ আঁৰৰ কাৰণ আৰক্ষীয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই। আনহাতে ঘটনাটোত তিনিটা শিশুসহ ছয়জন লোকৰ মৃত্যু হয় আৰু এই ঘটনাটো সংঘটিত হোৱা বিদ্যালয়খন এখন প্ৰাথমিক বিদ্যালয় আছিল।
ইয়াত অধ্যয়ন কৰি থকা সকলো শিশুৰ বয়স ১২ বছৰৰ তলৰ। সোমবাৰে পুৱা প্ৰায় ১০ বজাত তেওঁলোকলৈ এটা জৰুৰীকালীন ফোন আহিছিল। ইয়াৰ পিছতেই, ১৫ মিনিটৰ ভিতৰত বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু সুৰক্ষা বাহিনীয়ে শ্বুটাৰজনক হত্যা কৰে।
ঘটনাটোৰ আঁৰত মহিলাগৰাকীৰ উদ্দেশ্যৰ তদন্ত কৰা হৈছে বুলি এজন বিষয়াই জানিবলৈ দিয়ে। ইপিনে আমেৰিকাত নিৰন্তৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈ আহিছে লগতে দেওবাৰে, কেলিফৰ্ণিয়া ৰাজ্যৰ এটা গুৰুদ্বাৰাত দুজন লোকক গুলীয়াই হত্যা কৰা হৈছিল।