Wednesday, November 13, 2024
Homeৰাষ্ট্ৰীয়পঞ্জাৱত পুনৰ গুলীচালনাৰ ঘটনা

পঞ্জাৱত পুনৰ গুলীচালনাৰ ঘটনা

ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ অশান্ত হৈ পৰিছে পঞ্জাৱ ৷ সংঘটিত হৈছে ইটোৰ পিছত সিটো গুলীচালনাৰ ঘটনা ৷ বৃহস্পতিবাৰে পুৱা পঞ্জাৱৰ ফৰিদকোটত গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ দুৰ্বৃত্তৰ গুলীত নিহত হৈছে ডেৰা চচা ছৌদাৰ এজন অনুগামী ৷ নিহত ডেৰা চচা ছৌদা প্ৰধান গুৰমিত ৰাম ৰহিমৰ অনুগামী প্ৰদীপ সিং ওৰফে দোধি ৷

ইয়াৰ পিছতে পঞ্জাৱৰ বিভিন্ন প্ৰান্তত ডেৰা চচা ছৌদাৰ অনুগামী সকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰাজ্যখনত উত্তেজনা বিয়পি পৰিছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যখনৰ বিভিন্ন ঠাইত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। পৰিস্থিতিত নিয়ন্ত্ৰণ কৰিবৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে।

মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে ,‘‘“পঞ্জাৱ এখন শান্তিপ্ৰিয় ৰাজ্য। ৰাজ্য খনত মানুহৰ পাৰস্পৰিক ভাতৃত্ববোধ অতি শক্তিশালী। পঞ্জাৱত কাকো শান্তি বিঘ্নিত কৰাৰ সুযোগ দিয়া নহ’ব। ৰাজ্যখনত শান্তি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসন আৰু আৰক্ষী বিষয়াসকলক কঠোৰ নিৰ্দেশনা দিয়া হৈছে।”

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা প্ৰদীপ সিং নামৰ ব্যক্তিজনক লক্ষ্য কৰি পাঁচ জনিয়া এটা দুৰ্বৃত্তৰ দলে গুলীচালনা কৰে ৷ প্ৰদীপ সিং পেচাত এজন দোকানী ৷ প্ৰদীপ সিংৰ বিৰুদ্ধে শিখসকলৰ ধৰ্মগ্ৰন্থ চুৰি কৰাৰ অভিযোগ আছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments