কেলিফৰ্ণিয়াৰ উপকুলত সফল লেণ্ডিং।
সূচনা হ’ল ভাৰতৰ মহাকাশ গৱেষণা ইতিহাসৰ এক সোণালী অধ্যায়ৰ।
এক্সিয়ম ফোৰ অভিযান সফলতাৰে সম্পন্ন কৰি পৃথিৱীত ভৰি দিলেহি শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰীয়ে।
ভাৰতীয় সময়মতে দিনৰ ৩ বজাত মহাকাশচাৰীকেইজনক কঢ়িয়াই অনা স্পেছ এক্সৰ GRACE মহাকাশ যানখনে সফলতাৰে লেণ্ডিং কৰে কেলিফৰ্ণিয়াৰ উপকূলত।
