Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়সিদ্ধু মুছাৱালা হত্যাকাণ্ডৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

সিদ্ধু মুছাৱালা হত্যাকাণ্ডৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক ANEWS24X7- দেশ কঁপাই যোৱা সিদ্ধু মুছাৱালা হত্যাকাণ্ড গোচৰৰ আন এজন শ্বৰ্পশ্বুটাৰক গ্ৰেপ্তাৰ কৰা হৈছে ৷ শনিবাৰে ভাৰত-নেপাল সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা কৰা হয় সিদ্ধু মুছাৱালা হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত দীপক মুণ্ডিক ৷ ঘটনাটো সংঘটিত কৰিয়ে পলাতক অৱস্থাত আছিল দীপক মুণ্ডি ৷ দিল্লী আৰু পাঞ্জাৱ আৰক্ষীৰ এটা যুটীয়া দলে দীপক মুণ্ডি আৰু তেওঁৰ তিনিজন সহযোগিক গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্ত সকলে নেপাললৈ পলায়নৰ পৰিকল্পনা কৰিছিল ৷ গ্ৰেপ্তাৰ কৰা সকলক কপিল পণ্ডিত , দীপক মুণ্ডি আৰু ৰজিন্দৰ ওৰফে জোকাৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷ পঞ্জাৱ আৰক্ষীৰ সঞ্চালক প্ৰধানে এক টুইট যোগে সদৰী কৰে এই তথ্য ৷

পঞ্জাৱ আৰক্ষীৰ ডিজিপিয়ে এই সন্দৰ্ভত কয় যে , দীপক মুণ্ডি হৈছে সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ ষষ্ঠজন শ্বাৰ্পশ্বুটাৰ ৷ কপিল আৰু ৰজিন্দৰ দীপক মুণ্ডিৰ সহযোগী আছিল ৷ মুণ্ডিক অস্ত্ৰ যোগান ধৰিছিল কপিল আৰু ৰজিন্দৰে ৷ এক গোপন সূত্ৰৰ পম খেদি ভাৰত-নেপাল সীমান্তৰ পানীটেংকি অঞ্চলৰ পৰা আটক কৰা হয় ৷হত্যাকাণ্ডটো সংঘটিত কৰিয়েই তিনিওজন পলাতক অৱস্থাত আছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments