Wednesday, July 9, 2025
Homeৰাষ্ট্ৰীয়ছিকিমত ভয়াৱহ ধ্বংসলীলা, মৃত্যুৰ সংখ্যা ৫৬ লৈ বৃদ্ধি

ছিকিমত ভয়াৱহ ধ্বংসলীলা, মৃত্যুৰ সংখ্যা ৫৬ লৈ বৃদ্ধি

ডিজিটেল ডেস্ক, ৭অক্টোবৰ: ছিকিমত সংঘটিত হোৱা বৃহৎ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পালে। এতিয়ালৈকে ছিকিমৰ পৰা ২৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে, আৰু পশ্চিম বংগৰ তীস্তা নদীৰ অৱবাহিকাত ৩০টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

ছিকিম আৰু পশ্চিম বংগৰ উত্তৰ অংশত সেনাবাহিনীৰ জোৱানসহ কমেও ১৪২ জন লোকৰ সন্ধান অব্যাহত আছে যিবোৰৰ মাজেৰে তীস্তা বৈ যায়।

দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ছিকিমত এই পৰ্যন্ত ২৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। মংগন জিলাৰ পৰা চাৰিটা মৃতদেহ, গংটকৰ পৰা ৬টা আৰু পাকয়ং জিলাৰ পৰা ভাৰতীয় সেনাবাহিনীৰ ৭জন জোৱানসহ ১৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

পশ্চিম বংগ চৰকাৰৰ তথ্য অনুসৰি তীস্তা নদীৰ অৱবাহিকা শিলিগুৰি, জলপাইগুৰি, আৰু কুচ বেহাৰ তিনিখন জিলাৰ পৰা ৩০ টা মৃতদেহ উদ্ধাৰ কৰিছে।

বুধবাৰে পুৱতি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত উদ্ভৱ হোৱা এই ক্ষন্তেকীয়া বানপানীয়ে ছিকিমত ভয়াৱহ ধ্বংসলীলাৰ সৃষ্টি কৰে। ইয়াৰ ফলত ২৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে, ১২০০ৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে আৰু ১৩খন দলং, পথ আৰু অন্যান্য গঠন উটুৱাই লৈ গৈছে।

ইফালে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে বানত গোলাবাৰুদকে ধৰি সামৰিক সঁজুলি জাহ গৈছে।

“চিকিমত ভয়াৱহ বানপানীৰ বাবে আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰককে ধৰি কিছুমান সামৰিক সা-সঁজুলি তীস্তা নদীত লৈ যোৱা হয়।ইতিমধ্যে জনসাধাৰণৰ বাবে জৰুৰী জাননী জালপাইগুৰি জিলা কৰ্তৃপক্ষই জাৰি কৰিছে। সেনাই নদীখনৰ তলৰ সমান্তৰালত লুকাউট টিম স্থাপন কৰিছে।”- প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় এটা বিবৃতিত।

বিভিন্ন অঞ্চলৰ পৰা ২৪১৩ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু ৰাজ্যজুৰি স্থাপন কৰা ২২টা সাহায্য শিবিৰত ৬৮৭৫ জন লোকে আশ্ৰয় লৈছে।

মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে মৃতকৰ পৰিয়ালৰ বাবে ৪ লাখ টকাৰ এক্স গ্ৰেচিয়া আৰু শিবিৰত আশ্ৰয় লোৱা সকলোকে তাৎক্ষণিকভাৱে ২০০০ টকাকৈ সকাহ দিয়াৰ কথা ঘোষণা কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশীদাৰিত্বৰ পৰা অগ্ৰিম ধন হিচাপে ৪৪.৮ কোটি টকা অনুমোদন জনাইছে। এটা আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল (আই এম চি টি) ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষতিৰ মূল্যায়ন কৰিব।

ৰাজ্যৰ বহু ঠাইত এতিয়াও আবদ্ধ হৈ আছে কেইবাজনো পৰ্যটক। চৰকাৰী বিষয়াৰ মতে, উত্তৰ ছিকিমত আবদ্ধ হৈ থকা প্ৰায় ৩ হাজাৰ পৰ্যটক বায়ুসেনাৰ বহুবাৰ চেষ্টা কৰিও উদ্ধাৰ কৰিব পৰা নগ’ল, কিয়নো প্ৰতিকূল বতৰৰ বাবে হেলিকপ্টাৰ প্ৰেৰণ কৰিব পৰা নাছিল।

ছিকিমত আৱদ্ধ হৈ থকা মেঘালয়ৰ ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীক সফলতাৰে উলিয়াই অনা হৈছে, আৰু তেওঁলোক শিলচৰলৈ গৈ আছে। এইসকল ছাত্ৰ-ছাত্ৰীয়ে পাঁচখন বাহনেৰে ছিকিমৰ মাজিতাৰৰ পৰা ওলাই আহি শুকুৰবাৰে মাজনিশাৰ আশে-পাশে পশ্চিম বংগৰ শিলিগুৰি পালেগৈ বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

লোনাক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ফলত তীষ্টা নদীৰ এই ক্ষন্তেকীয়া বানপানীৰ ফলত হ্ৰদ ফাটি গধুৰ পৰিমাণৰ পানী তললৈ পঠিওৱা হয়। ব্যাপক বানপানীয়ে চুংথাং মথাউৰিৰো ক্ষতিসাধন কৰাৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments