Wednesday, November 6, 2024
Homeঅসমউপ নিৰ্বাচনত চাৰিটা সমষ্টিত বিজেপিৰ জয় নিশ্চিত

উপ নিৰ্বাচনত চাৰিটা সমষ্টিত বিজেপিৰ জয় নিশ্চিত

কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। বিজেপি নেতা অমিয় কান্তি দাসে নিহাৰ ৰঞ্জন দাস বাংলাদেশী বুলি অভিযোগ কৰাক লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ললে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে কগ্ৰেছকক গাখীৰ নিদিয়া গৰুৰ লগত তুলনা কৰে মুখ্যমন্ত্ৰী‌য়ে।

মঙলবাৰে ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ হৈ নিৰ্বাচনি দুখন নিৰ্বাচনি সভাত অংশ গ্ৰহন কৰি বিজেপি প্ৰাৰ্থীৰ হৈ তীব্ৰ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে।

ধলাইৰ BNNP হাইস্কুল আৰু পালংঘাটৰ CCJC হাইস্কুলৰ খেল পথাৰত আয়োজিত দুখন বিশাল নিৰ্বাচনি সভাত অংশ গ্ৰহন কৰি প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে । সভাত অংশ গ্ৰহন কৰি প্ৰথমৰ পৰাই কং ক ক্ষুৰধাৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই। কংৰ ৰ হাতত বিজেপিৰ বিৰুদ্ধে কোনো ইচ্ছু নাই বাবেই নিহাৰ ৰঞ্জন দাসক বাংলাদেশী বুলি সজাই অসমৰ পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। বাংলাদেশী কোন হয়, সেয়া চোৱাৰ দায়িত্ব কং ৰ নহয়। সেই দায়িত্ব চৰকাৰৰ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কং ক গাখীৰ নিদিয়া গৰুৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কং হল এনে গৰু , যিয়ে দানা খোৱাৰ পিচতো গাখীৰ নিদিয়ে। ইয়াৰ বিপৰীতে বিজেপিক গাখীৰ দিয়া জাৰ্চি গৰু বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে। ধলাইৰ বাবে কেবাটাও পথ, সেতু, কলেজ সহ বিভিন্ন উন্নয়ন মুলক
কামৰ প্ৰতিশ্ৰতি দিয়ে। লগতে ধলাইত নতুনকৈ ১৫ ৰ পৰা ২০ অৰুণোদয় দিয়া হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক কৰযোৰে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

ইফালে, ৰাজ‌্যত অনুষ্ঠিত হব লগা পাচটা সমষ্টিৰ উপ নিৰ্বাচনত চাৰিটা সমষ্টিত বিজেপিৰ জয় নিশ্চিত যদিও এটা সমষ্টিত বিজেপিৰ বাবে কষ্টকৰ হব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments