Wednesday, July 9, 2025
Homeঅসমভোগালীৰ উৰুকাৰ দিনটোতে সকলোকে কন্দুৱাই উভতি নহাৰ বাটেৰ বাট বুলিলে জনপ্ৰিয় কণ্ঠশিল্পী...

ভোগালীৰ উৰুকাৰ দিনটোতে সকলোকে কন্দুৱাই উভতি নহাৰ বাটেৰ বাট বুলিলে জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই

ডিজিটেল ডেস্ক, ১৩জানুৱাৰী:বিহুৰ আনন্দ-উলাহৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা দুখৰ খবৰ। কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই। দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে গৈছিল ৰাজীৱ শদিয়া। অনুষ্ঠান আৰম্ভ কৰি এটা গীত গোৱাৰ পাছতেই হৈছিল অঘটন। উপস্থিত ৰাইজৰ মাজত লাগিছিল হাহাকাৰ।

মঞ্চতে ঢলি পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া। হৃদৰোগত আক্ৰান্ত হৈ মঞ্চৰ পৰা তলত পৰিছিল শিল্পীগৰাকী। প্ৰথমে বুকুৰ বিষ অনুভৱ কৰিছিল তেওঁ। নিশাই ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল শদিয়াক। AMCHৰ ICUত চিকিৎসাধীন ৰাজীৱ শদিয়াই (Rajib Sadiya) সোমবাৰে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে।জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ আছিল শিল্পীগৰাকী। অসমৰ সমাজ-ৰাজনৈতিক বিষয়ত সদায়েই সৰব আছিল ৰাজীৱ শদিয়া। জাতি-মাটিৰ গান গাই অসমবাসীৰ চেতনাক আলোড়িত কৰাই আছিল ৰাজীৱ শদিয়াৰ গীতৰ মূল উপজীৱ্য। কা আন্দোলনৰ সময়তো সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰি বিপ্লৱী গীতেৰে জনগণক জাগ্ৰত কৰাৰ চেষ্টা কৰিছিল এইগৰাকী কণ্ঠশিল্পীয়ে।

বিপ্লৱী কণ্ঠশিল্পীগৰাকীৰ বিয়োগত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্য। বিভিন্নজনে তেওঁৰ বিয়োগত কৰিছে শোকপ্ৰকাশ। এক শোকবাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘সামাজিকভাৱে দায়বদ্ধ এগৰাকী প্ৰতিভাবান সংগীতশিল্পী ৰাজীৱ শদিয়াৰ গীতে-মাতে সমাজ জীৱনক চিন্তাৰ খোৰাক যোগাইছিল। তেখেতৰ অকাল বিয়োগৰ খবৰটি পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ। তেখেতৰ বিয়োগ সমাজ-সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোকাকুল পৰিয়ালবৰ্গ, গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।’‘ৰাইজৰ দল’ৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়, ‘কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত গভীৰভাৱে মৰ্মাহত হ’লোঁ। মানুহ আৰু জাতিৰ বাবে গীত গোৱা মানুহ এজনক হেৰুৱালোঁ। সংগ্ৰামী জনগণৰ বাবে বৃহৎ ক্ষতি।’ কণ্ঠশিল্পীগৰাকীৰ বিয়োগত শোকপ্ৰকাশ কৰিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও। তেওঁ কয়, ‘কি স’তে বিদায় বুলি কওঁ ৰাজীৱ! কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগত বাৰুকৈয়ে ব্যথিত হৈছোঁ। গভীৰ শ্ৰদ্ধাঞ্জলি।’

ৰাজীৱ শদিয়াৰ বিয়োগত শোকৰ ছাঁ পৰিছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো। কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই কয়, ‘পলকতে হেৰাই গ’ল এটি বিপ্লৱী কণ্ঠ। উৰুকাৰ দৰে আনন্দৰ এই দিনত এনে এটা বিৰহৰ খবৰ শুনিবলৈ পাম বুলি কেতিয়াও ভবা নাছিলোঁ। ৰাজীৱৰ মৃত্যুৰ বাতৰি পাই মৰ্মাহত হৈ পৰিছোঁ। ভাতৃবন্ধু ৰাজীৱ শদিয়াৰ অকাল বিয়োগৰ বাতৰিয়ে মনটো সেমেকাই তুলিছে। বিপদৰ এই ক্ষণত পৰিয়ালৰ সকলোকে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰভু ভগৱন্তই পৰিয়ালটোক তেজ বল শক্তি প্ৰদান কৰক তাৰেই কামনা কৰিলোঁ। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।’ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশেও দুখ প্ৰকাশ কৰি কয় এনেকৈ, ‘উৰুকাৰ দিনাই ইমান বেয়া খবৰ এটা পাম বুলি ভবাই নাছিলোঁ। বৰ সোনকালে গলিগৈ অ’ বন্ধু। কি ক’ম একো বুজি পোৱা নাই। নেদেখাজনে এই কঠিন সময়ত পৰিয়ালবৰ্গক শক্তি দিয়ক।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments