ডিজিটেল ডেস্ক, ANEWS24X7: বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ৫ খন ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰিলে ৷ পিছে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৷ ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে ছয় জনগোষ্ঠীৰ দল-সংগঠন ৷ শুক্ৰবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছয় জনগোষ্ঠীয় দল সংগঠনে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই শুক্ৰবাবে মৰাণত এক জৰুৰী কাৰ্যনিৰ্বাহক সভা আয়োজন কৰি জনজাতিকৰণৰ দাবীৰে এলানী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই শুক্ৰবাৰে ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচী সমূহ –
২২ ছেপ্টেম্বৰত অসম বিধানসভা ঘেৰাও কাৰ্যসূচী ৷
২৬ ছেপ্টেম্বৰত ২৪ ঘন্টীয়া অসম বন্ধ ঘোষণা ৷
৯ অক্টোবৰত সমগ্ৰ অসমত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৷
১৫ অক্টোবৰত লক্ষিমপুৰ , ধেমাজীৰ গোগামুখত বিশাল গণ সমাবেশ ৷
১৫ নৱেম্বৰত দিল্লীত গণ বিক্ষোভ কাৰ্যসূচী ৷
১৭ ছেপ্টেম্বৰ পৰা ২ অক্টোবৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিৱসকলৈ প্ৰতিদিনে প্ৰতিবাদী কাৰ্যসূচী ৷
