নিদান পূৰ্তি, মৰাণ: স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত মৰাণ নগৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী । মৰাণৰ ১৮ টাকৈ জাতীয় – জনগোষ্ঠীয় সংগঠনৰ যৌথ মঞ্চ ‘ঐক্যবদ্ধ সংগ্ৰাম সমিতি, মৰাণ’ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত ডেৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহন কৰে । মৰাণ গড়কাপ্তানী পৰিদৰ্শন ভৱনৰ সন্মূখত প্ৰতিবাদী সভা অনুষ্ঠিত হোৱাৰ পিছত মৰাণ নগৰৰ মাজেৰে বিশাল প্ৰতিবাদী সমদলেৰে আহি মৰাণ শান্তিপুৰস্থিত APDCL ৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে স্মাৰক পত্ৰ প্ৰদান কৰে ।
১৫ দিনৰ ভিতৰত স্মাৰ্ট মিটাৰ আতৰাই নিনিলে নিজেই স্মাৰ্ট মিটাৰ খুলি কাৰ্যালয়ত চমজাই দিব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ।
উল্লেখ্য যে, স্মাৰ্ট মিটাৰে জ্বলা-কলা খুৱাইছে ৰাইজক । চাৰিগুণ পৰ্যন্ত বিল বৃদ্ধি হবলৈ ধৰিছে । যাৰ বাবে ৰাইজে অতিষ্ঠ হৈ স্মাৰ্ট মিটাৰ আতৰাই পূৰ্বৰ মিটাৰ লগোৱাৰ দাবী জনাইছে ।
প্ৰতিবাদী কাৰ্যসূচীত মূখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে প্ৰতিবাদীকাৰীসকল ।