ডিজিটেল ডেস্ক, ANEWS24X7: বিয়া বুলি কলে মনত আনন্দ ,ভয় ৰ সমাহাৰ ঘটে। বিয়াৰ দিনটো এগৰাকী যুৱতীৰ বাবে বিশেষ হয় কিয়নো সেই দিনতোত নিজকে ভাল দেখিবৰ বাবে এগৰাকী কইনাই অপ্ৰাণ চেষ্টা কৰে ।
সকলোৱে বিবাহৰ দিনটো সৰ্বশ্ৰেষ্ঠ দেখাব বিচাৰে। সাধাৰণতে মানুহে বিবাহৰ পোছাক, গহণাৰ বিষয়ে অধিক গুৰুত্ব দিয়া দেখা যায়। বিবাহৰ দিনটোৰ বাবে এইবোৰ সামগ্ৰী কেইমাহমান আগৰে পৰাই গোটাবলৈ আৰম্ভ কৰে।
শেহতীয়াকৈ, এগৰাকী কইনাই তেওঁৰ বিবাহৰ এটা অনুষ্ঠানৰ বাবে বেলেগ ধৰণৰ কেশবিন্যাস কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে, চুলিৰ আনুষঙ্গিক সামগ্ৰীবোৰ সাধাৰণ ফুলৰ সলনি চকলেট আৰু টফী আছিল। চিত্ৰা নামৰ এগৰাকী মেকআপ শিল্পীয়ে চকলেট আৰু টফীৰ সৈতে চুলিৰ সজ্জা কৰিছিল এগৰাকী কইনাক । যিটো তেওঁৰ ইষ্টাগ্ৰামত এটা ভিডিঅ বনাই শ্বেয়াৰ কৰিছি।
আনহাতে কইনাগৰাকীৰ হেয়াৰষ্টাইলত কিট কেট,৫ ষ্টাৰ,মিল্কিবাৰ আৰু ফেৰেৰো ৰোচাৰৰ দৰে ব্ৰেণ্ডৰ চকলেটৰে সজ্জিত চুলিৰ এটা ষ্টাইল কৰা গৈছিল । কইনাই কাণফুলি হিচাপে ‘মেংগ বাইট’ টফী পিন্ধিছিল যিটো তেওঁৰ হালধীয়া পোছাকৰ সৈতে মিলি গৈছিল। ইয়াৰোপৰি কইনাগৰাকীয়ে শিৰ-পট্টি, মাং-টিক্কা আৰু ডিঙিৰ গহণাত এই চকলেটেৰে সজ্জিত হৈছিল ।
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ পিছত, ভিডিঅ’টোৱে দুই লাখ লাইক আৰু ছয় নিযুত দৰ্শন লাভ কৰিছে।