ডিজিটেল ডেস্ক, anews24x7: আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা জোনাছ, ঐশ্বৰ্য ৰায় বচ্চন, কিয়াৰা আদৱানী, কেটৰিনা কাইফৰ দৰে বলীউডৰ অভিনেত্ৰী হিন্দী চলচ্চিত্ৰ জগতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীৰ তালিকাত নিজৰ নাম লিখিছে।
কেৱল ছবিত অভিনয় কৰিয়েই নহয়, উক্ত অভিনেত্ৰীসকলে বিভিন্ন বিখ্যাত কোম্পানীৰ বিজ্ঞাপনৰ মুখ হিচাপেও কাম কৰে। অভিনয়ৰ উপৰিও অনুষ্কা শৰ্মা, দীপিকা পাডুকনৰ দৰে বলীউডৰ তাৰকাই কাপোৰ নিৰ্মাণ কোম্পানীও খুলিছে।
অৱশ্যে উপাৰ্জনৰ ক্ষেত্ৰত বহু অভিনেত্ৰীৰ নাম প্ৰথম শাৰীত আছে, কিন্তু কোনে সৰ্বাধিক আয়কৰ দিয়ে জানেনে?
ফৰ্বছৰ তথ্য অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষত আয়কৰ হিচাপে ১০ কোটি টকা আদায় দিছিল দীপিকাই।
বলিপাৰাৰ সূত্ৰ অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা দীপিকাই প্ৰতি বছৰে প্ৰায় একে পৰিমাণৰ আয়কৰ আদায় দিছে।
ফৰ্বছৰ তথ্য অনুসৰি ২০১৯ চনৰ ভিতৰত দীপিকাই উপাৰ্জনৰ ক্ষেত্ৰত ৰোহিত শৰ্মা, অজয় দেৱগন, ৰজনীকান্তৰ দৰে তাৰকাক চেৰ পেলাইছিল। আনকি অভিনেত্ৰীগৰাকীয়ে সৰ্বাধিক উপাৰ্জন কৰা তাৰকাৰ শীৰ্ষ দহৰ তালিকাতো স্থান লাভ কৰে।
বলিপাৰাৰ সূত্ৰ অনুসৰি দীপিকাৰ মুঠ সম্পত্তি ৫০০ কোটি। প্ৰতিখন ছবিত অভিনয়ৰ বাবে দীপিকাই ১০ৰ পৰা ১৫ কোটি টকা লয়।
বিজ্ঞাপনত অভিনয় কৰি দীপিকাই বহু কোটি টকা উপাৰ্জন কৰে। বলিপাৰাৰ সূত্ৰ অনুসৰি প্ৰতিটো বিজ্ঞাপনত অভিনয় কৰি তেওঁ প্ৰায় ৮ কোটি টকা উপাৰ্জন কৰিছিল।
বিজ্ঞাপনত অভিনয় কৰি দীপিকাই বহু কোটি টকা উপাৰ্জন কৰে। বলিপাৰাৰ সূত্ৰ অনুসৰি প্ৰতিটো বিজ্ঞাপনত অভিনয় কৰি তেওঁ প্ৰায় ৮ কোটি টকা উপাৰ্জন কৰিছিল।
দীপিকাৰ পিছত আলিয়াই বলীউডৰ অভিনেত্ৰীসকলৰ ভিতৰত সৰ্বাধিক আয়কৰ আদায় দিছিল। বলিপাৰাৰ সূত্ৰ অনুসৰি আলিয়াই প্ৰতি বছৰে ৫ৰ পৰা ৬ কোটি আয়কৰ আদায় দিয়ে।
২০১৩-১৪ বিত্তীয় বৰ্ষত সৰ্বাধিক আয়কৰ আদায় দিয়া অভিনেত্ৰীৰ তালিকাত শীৰ্ষস্থান দখল কৰে কেটৰিনা কাইফে। ২০১৩-১৪ বিত্তীয় বৰ্ষত ৫ কোটি টকা আয়কৰ লৈ শীৰ্ষত আছিল কেটৰিনা।
আয়কৰৰ ক্ষেত্ৰত দীপিকা শীৰ্ষত আছে যদিও উপাৰ্জনৰ ক্ষেত্ৰত বলীউডৰ অভিনেত্ৰীসকলৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে দীপিকাই।উপাৰ্জনৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে প্ৰিয়ংকা চোপ্ৰা জোনাছ। বলিপাৰাৰ সূত্ৰ অনুসৰি অভিনেত্ৰী গৰাকীৰ মুঠ সম্পত্তি ৬২০ কোটি টকা।