ডিজিটেল ডেস্ক, ANEWS24X7 : মেটাৰ মালিকানাধীন হোৱাটছএপে শেহতীয়াকৈ মুকলি কৰিছে নতুন কমিউনিটি ফিচাৰ। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম হোৱাটছএপৰ নতুন কমিউনিটি ফিচাৰত ব্যৱহাৰকাৰীয়ে ২০টালৈকে হোৱাটছএপ গ্ৰুপ একেলগে ক্লাব কৰি এটা কমিউনিটি গঠন কৰিব পাৰিব।
আনহাতে, সম্প্ৰতি এটা ভিডিঅ’কলত ৩২ জনলৈকে অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰিও WhatsAppএ গ্ৰুপৰ সৰ্বোচ্চ আকাৰ ৫১২ ৰ পৰা ১০২৪ জনলৈ বৃদ্ধি কৰিছে ।
দ্য ভাৰ্জে প্ৰকাশ কৰা অনুসৰি এপ্ৰিল মাহত কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে কমিউনিটিসমূহ পৰীক্ষা কৰিছিল আৰু বৰ্তমান সকলোৰে বাবে প্ৰচাৰ কৰিছে।