ডিজিটেল ডেস্ক, anews24x7: বহু প্ৰতীক্ষাৰ অন্তত আজি মুক্তিৰ বাবে সাজু হৈছিল ৰবি শৰ্মাৰ ‘ৰঘুপতি’নামৰ ছবিখন কিন্তু আজি মুকলি নহয় ‘শ্ৰী ৰঘুপতি’ । ছবিখনৰ মুক্তিত স্থগিতাদেশ দিছিল নিম্ন আদালতে । ইপিনে নিম্ন আদালতে ১৫ জুলাইলৈ দিছিল সময়সীমা আৰু উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল প্ৰযোজক শৈলেন শৰ্মা লগতে সোমবাৰে শুনানি হ’ব এই গোচৰটোৰ ।
আনপিনে ৰবি শৰ্মাৰ এই ছবিখনক লৈ দীৰ্ঘদিন ধৰি অপেক্ষা কৰিছিল ছবিপ্ৰেমী তথা ৰবি শৰ্মাৰ অনুৰাগীসকলে । ইফালে শৈলেন কুমাৰ শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত তৰিছিল গোচৰ। গোচৰৰ শুনানিৰ অন্তত আজি মুক্তি পাবলগীয়া চলচ্চিত্ৰখনৰ মুক্তিত বাধা আৰোপ কৰা হৈছিল।
ৰবি শৰ্মাই ছবিখনৰ ক্ষেত্ৰত মন্তব্য কৰে যে আইনী মেৰপেঁচত সোমাই পৰা বাবে ছবিখন উপভোগ কৰিবলৈ দৰ্শকে হয়তো আৰু কিছুদিন অপেক্ষা কৰিব লাগিব।