শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ আজি প্ৰথমটো দিন। হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ম’হবন্ধাৰ এৰালতলিৰ পথাৰ।
চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন৷ উদুলি-মুদুলি যোৰহাটৰ ম’হবন্ধাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ৷ নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয়, ২০০টা শিবিৰ৷সমন্বয় ক্ষেত্ৰলৈ সোঁত বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক ভকত বৈষ্ণৱৰ।বিভিন্ন জিলাৰ ভকত বৈষ্ণৱৰ বাবে পৃথকে পৃথকে নিৰ্মান কৰা হৈছে শিবিৰ সমুহ।সমান্তৰাল ভাৱে সকলো জিলাৰ সেৱা বাহিনী স্বেচ্চাসেৱক সকল আহি উপস্থিত হৈছে সমন্বয় ক্ষেত্ৰত।
সকলোৰে মুখত কেৱল হৰি নাম। মুঠতে হৰিনামেৰে জীপাল হৈ পৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰ।