কালিলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। যোৰহাট ম’হবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত কালিলৈৰ পৰা আৰম্ভ হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক কেন্দ্ৰীয় অধিবেশন |
অধিবেশনলৈ মাজত কেইটামান ঘন্টা থকা সময়ত আজি সমন্বয় ক্ষেত্ৰলৈ সোঁত বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক ভকত বৈষ্ণৱৰ |
বিভিন্ন জিলাৰ ভকত বৈষ্ণৱৰ বাবে পৃথকে পৃথকে নিৰ্মান কৰা হৈছে শিবিৰ সমুহ | সমান্তৰাল ভাৱে সকলো জিলাৰ সেৱা বাহিনী স্বেচ্চাসেৱক সকল আহি উপস্থিত হৈছে সমন্বয় ক্ষেত্ৰত |