Friday, November 8, 2024
Homeঅসমহৰিনামৰ অমৃত ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ

হৰিনামৰ অমৃত ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ

ডিজিটেল ডেস্ক ANEWS24X7: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি । পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ নামঘৰ–সত্ৰ। ৰাজ্যৰ ঐতিহাসিক নামঘৰ–সত্ৰত পুৱাৰে পৰা ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজে। শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবৰী সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ ব্যাপক আয়োজন কৰা হৈছে ।

পুৱাৰে পৰা হৰিনামৰ অমৃত ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰৰ লগতে গুৰুজনাৰ জন্মস্থান শ্ৰীমন্তশঙ্কৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবৰী সত্ৰত ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সকলে গুৰুজনাৰ নামৰ ধব্বনিৰে মুখৰিত কৰে শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবৰী সত্ৰ । বদলি হোৱা মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই পৰিয়াল সহ উপস্থিত হৈ নামঘৰত সেৱা জনায় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments