Wednesday, July 9, 2025
Homeউত্তৰ-পূৱমণিপুৰত সান্ধ্য আইন অৱমাননা কৰি প্ৰতিবাদ সাব্যস্ত

মণিপুৰত সান্ধ্য আইন অৱমাননা কৰি প্ৰতিবাদ সাব্যস্ত

ডিজিটেল ডেস্ক,২৮ছেপ্তেম্বৰ: মণিপুৰৰ ইম্ফলত বৃহস্পতিবাৰে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অনিৰ্দিষ্টকালীন সান্ধ্য আইন অৱমাননা কৰি দুজন মেইটেই ছাত্ৰক হত্যা কৰাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাজভৱনৰ গেট আৰু ইম্ফলৰ ৰাজ্যিক বিজেপি ইউনিট কার্যালয়ৰ সমীপত সমবেত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ।

বিগত ৪৮ ঘন্টাত ৰেপিড একচন ফৰ্চ (আৰ এ এফ) আৰু মণিপুৰ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুই শতাধিক লোক আহত হোৱাৰ পিছতে এই প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰীসকলে হত্যা কৰা ছাত্ৰ হেমনজিৎ আৰু লিন্থোইংগাম্বীক ন্যায় দিয়াৰ লগতে ৩০ দিনৰ ভিতৰত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

ইণ্টাৰনেট নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা, প্ৰতিবাদত আহত হোৱা লোকক ক্ষতিপূৰণ দিয়াৰ লগতে মণিপুৰৰ পৰা আৰ এ এফ আঁতৰোৱাৰ দাবী উত্থাপন কৰে।সদৌ মণিপুৰ ছাত্ৰ সন্থা (আমছু), মণিপুৰী ছাত্ৰ ফেডাৰেচন (এম এছ এফ), মণিপুৰৰ গণতান্ত্ৰিক ছাত্ৰ মিত্ৰজোঁট (ডেছাম), কংলেইপাক ছাত্ৰ সন্থা (কে এছ এ), কংগ্ৰেইপাক ছাত্ৰ সন্থা (কে এছ এ), ষ্টুডেণ্টছ ইউনিয়ন অৱ কাংগলেইপাক (এছ ইউ কে), আৰু আপুনবা ইৰেইপাক্কি মাহেইৰয় চিনপাংলুপ (এ আই এম এছ) যৌথ প্ৰতিবাদ কৰে ।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে চিবিআইৰ এটা বিশেষ দলে ছাত্ৰ দুগৰাকীৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰৰ তদন্ত কৰি আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments