ৰাজ্যত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী।
৬০ৰ পৰা ৭০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৃষ্টিপাতৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ।
বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ধুমুহা-বৰষুণ।
আজিও প্রায় সকলো বোৰ ঠাইত বিজুলী ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, পশ্চিম কাৰ্বি আংলং, আৰু ডিমা হাছাও জিলাৰ দুই এঠাইত প্ৰবলৰ (৭ ছেঃ মিঃ-১১ ছেঃ মিঃ) পৰা অতি প্ৰবল (১২ ছেঃ মিঃ-২০ ছেঃ মিঃ) বৰষুণ হোৱাৰ লগতে ঘণ্টাত ৬০ কিঃমিঃৰ পৰা ৭০ কিঃমিঃ বেগত বতাহ বলাৰ সম্ভাৱনা আছে।