Sunday, July 6, 2025
Homeঅসমশিক্ষক সমাজলৈ কঠোৰ নিৰ্দেশনা

শিক্ষক সমাজলৈ কঠোৰ নিৰ্দেশনা

ডিজিটেল ডেস্ক, ১৯ডিচেম্বৰ: ৰাজ্যৰ শিক্ষক সমাজলৈ কঠোৰ নিৰ্দেশনা৷ শ্ৰেণীকোঠা এৰি ব্যক্তিগত কামত ঘূৰি ফুৰা শিক্ষকলৈ কঠোৰ নিৰ্দেশনা৷ বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা৷ এই নিৰ্দেশনা অনুসৰি পাঠদানৰ সময়ত এতিয়াৰে পৰা কোনো কাৰ্যালয়লৈ যাব নোৱাৰিব শিক্ষকে৷

বিদ্যালয় ছুটীৰ পাছত কাৰ্যালয়লৈ যোৱাত নাই বাধা৷ শ্ৰেণীকোঠা এৰি ঘূৰি ফুৰিছে ৰাজ্যৰ একাংশ শিক্ষকে৷ ব্যক্তিগত কাম লৈ পাঠদানৰ সময়তে একাংশ শিক্ষকৰ তহল সচিবালয়ত৷ শিক্ষা সঞ্চালকালয়, খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়তো বিৰাজমান বহু শিক্ষক৷ যাৰ বাবে এই নিৰ্দেশনা বিদ্যালয় শিক্ষা বিভাগৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments